/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/tripura-23.jpg)
ডিজিটেল ডেস্কঃ উত্তৰ পূৰ্বাঞ্চলত বিপদত ভাৰতীয় জনতা পাৰ্টী! কেইদিনমান পূৰ্বে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই ২০২৪ ত বিজেপিৰ সৈতে মিত্ৰতা নকৰাৰ কথা ঘোষণা কৰাৰ সমান্তৰালকৈ বিজেপিৰ সৈতে কনৰাড চাংমাৰ দূৰত্ব বৃদ্ধি পাইছে। এনে সময়তে আকৌ উত্তৰ পূৰ্বাঞ্চলৰ আন এখন ৰাজ্য ত্ৰিপুৰাত এতিয়া বিজেপিত আৰম্ভ হৈছে খহনীয়া।
ত্ৰিপুৰাত ২০২৩ ৰ মাৰ্চত অুষ্ঠিত হ'ব পৰৱৰ্তী বিধানসভাৰ নিৰ্বাচন। এই নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যখনত আৰম্ভ হৈছে নিৰ্বাচনী কুচকাবাজ। ইয়াৰ মাজতে বিজেপিত খহনীয়াৰ সৃষ্টি কৰি প্ৰায় ৬ হাজাৰ ৫০০ বিজেপি সমৰ্থকে বিজেপি ত্যাগ কৰি যোগদান কৰিছে টিপ্ৰা মথাত।
ত্ৰিপুৰাত বৰ্তমান আই পি এফ টিৰ সৈতে মিত্ৰজোঁটৰ চৰকাৰ চলাই আছে বিজেপিয়ে। ইতিমধ্যে শাসনাধিস্ত বিজেপি দলটোত আৰম্ভ হৈছে ক্ষমতা কেন্দ্ৰিক সংঘাত। বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ৰাজ্যখনৰ মুখ্যমন্ত্ৰীও সলনি কৰিছে। ইয়াৰ মাজতে ত্ৰিপুৰাৰ জনজাতীয় অঞ্চলসমূহত বৃদ্ধি পাইছে জনজাতীয় পৰিষদৰ শাসকীয় দল টিপ্ৰা মথাৰ জনপ্ৰিয়তা।
টিপ্ৰা মথাৰ জনপ্ৰিয়তা ত্ৰিপুৰাৰ জনজাতীয় অঞ্চলত বৃদ্ধি পাইছে। ত্ৰিপুৰা বেজেপিৰ নেতা হানছা ত্ৰিপুৰাৰ নেতৃত্বত ৩ হাজাৰ পৰিয়ালৰ ৬ হাজাৰ ৫০০ লোকে মঙ্গলবাৰে একেলগে বিজেপি ত্যাগ কৰি টিপ্ৰা মথাত যোগদান কৰিছে। ত্ৰিপৰা মথাৰ নেতা প্ৰদ্যুৎ কিশোৰ মানিক্য দেৱবাৰ্মাৰ উপস্থিতিত এই বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়।
উল্লেখ্য যে ত্ৰিপুৰাৰ ৰাজ পৰিয়ালৰ যুৱনেতা প্ৰদ্যুৎ কিশোৰ মানিক্য দেৱবাৰ্মাৰ জনপ্ৰিয়তা ৰাজ্যখনত বৃদ্ধি পাইছে। ত্ৰিপুৰাৰ স্থানীয় জনজাতীয় লোকসকলক ভৱিষ্যত সুৰক্ষিত কৰাৰ লগতে অস্তিত্ব ৰক্ষাৰ যুঁজখনক তেওঁ সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰি আহিছে। ৰাজ্যখনৰ কা আন্দোলনৰো তেওঁ আছিল মুখ্য নেতা।
পূৰ্বে কংগ্ৰেছ কৰা এইগৰাকী নেতাই কংগ্ৰেছ ত্যাগ কৰি ত্ৰিপুৰাৰ ভৱিষ্যত স্বাৰ্থত গঠন কৰিছে টিপ্ৰা মথা। ২০২৩ চনৰ বিধানসভাৰ নিৰ্বাচনত প্ৰদ্যুৎ কিশোৰ মানিক্য দেৱবাৰ্মা বিৰোধীৰ মুখ্য নেতা হিচাপে বিবেচিত হোৱাৰ সম্ভাৱনা প্ৰৱল। তেওঁ হৈ পৰিব পাৰে ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী পদৰ প্ৰৱল দাবীদাৰ।
ইফালে খবৰ অনুৰি প্ৰদ্যুৎ কিশোৰ দেৱ মানিক্যৰ দল আৰু নেতৃত্বলৈ সমৰ্থন আগবঢ়াব ৰাজ্যখনৰ বিৰোধী দলসমূহে। কংগ্ৰেছ, বাওঁপন্থীদলসমূহে তেওঁৰ দলক সমৰ্থন কৰি ঐক্যবদ্ধ ভাৱে বিজেপিক প্ৰতিহত কৰিবলৈ ৰণত নমাৰ পৰিকল্পনা প্ৰস্তুত কৰিছে। অৱশ্যে এতিয়াও আনুষ্ঠানিক ভাৱে এই কথা প্ৰকাশ হোৱা নাই।
উল্লেখ্য যে প্ৰদ্যুৎ কিশোৰ মানিক্য দেৱবাৰ্মাৰ নেতৃত্বত গঠন হোৱা টিপ্ৰা মাথাই গঠন হোৱাৰ মাত্ৰ ২ মাহ পিছতে অনুষ্ঠিত হোৱা স্বায়ত্ত শাসিত জিলা পৰিষদৰ নিৰ্বাচনত বৃহৎ সফলতা লাভ কৰিছিল। মুঠ ২৮ খন জনজাতীয় আসনৰ ২০ খনেই দলটোৱে নিজৰ দখললৈ নিবলৈ সক্ষম হৈছে।
ইফালে বিজেপিৰ সভাপতি জে পি নড্ডা আৰু ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ চমুকৈ আৰ এছ এছৰ শীৰ্ষ নেতা মোহন ভগৱতে কিছুদিন পাছত ত্ৰিপুৰা ভ্ৰমণ কৰাৰ কথা। এনে প্ৰেক্ষাপটত ৰাজ্যখনত বিজেপিত সৃষ্টি হোৱা এই খহনীয়াই ৰাজ্যিক বিজেপিক বাৰুকৈয়ে অস্বস্তিত পেলাইছে।