ইম্ফলৰ পৰা টেলিকম কোম্পানীৰ বাহন, সামগ্ৰী চোৰঃ শেহতীয়া লোকেচন কাৰ্বি আংলং, বিচাৰিছে আৰক্ষীৰ সহায়...

ইম্ফলৰ পৰা টেলিকম কোম্পানীৰ চুৰি হোৱা বিভিন্ন সামগ্ৰীসহ এখন বাহন অসমত প্ৰবেশ কৰাৰ খবৰ পোৱা গৈছে। চোৰাং সামগ্ৰী আৰু বাহনসহ অসমত প্ৰবেশ কৰা লোকজনৰ নাম অমিত।

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
ইম্ফলৰ পৰা টেলিকম কোম্পানীৰ বাহন, সামগ্ৰী চোৰঃ শেহতীয়া লোকেচন কাৰ্বি আংলং,  বিচাৰিছে আৰক্ষীৰ সহায়...

ডিজিটেল ডেস্কঃ ইম্ফলৰ পৰা চুৰি হোৱা বিভিন্ন সামগ্ৰীসহ এখন বাহন অসমত প্ৰবেশ কৰাৰ খবৰ পোৱা গৈছে। ইম্ফলত টেলিকম কোম্পানীৰ বিভিন্ন কামকাজত জড়িত প্ৰিয়ব্ৰত সিং নামৰ ব্যক্তিজনে ছুপাৰ ভাইজাৰ হিচাপে নিয়োগ কৰা উত্তৰ প্ৰদেশৰ অমিত নামৰ এজন ব্যক্তিয়ে বাহনসহ বিভিন্ন সামগ্ৰী লৈ কৰ্মস্থলীৰ পৰা পলায়ন কৰাৰ খবৰ লাভ কৰা গৈছে। 

Advertisment

প্ৰিয়ব্ৰত সিং নামৰ ইম্ফলৰ ব্যক্তিজনে আমাক জনোৱা মতে অমিত নামৰ ছুপাৰ ভাইজাৰগৰাকীৰ আজি পুৱা মোবাইল লোকেচন কাৰ্বি আংলং জিলাত দেখা গৈছিল। তেওঁ যিটো পথ লৈছে সেই পথটো হৈছে ২৯ নং ৰাষ্ট্ৰীয় ঘাইপথ। এই পথেৰে গৈ এফালে ডিমাপুৰলৈ যোৱাৰ পৰিবৰ্তে আনটো ফালেৰে গলে বোকাজান, বৰপথাৰ হৈ গোলাঘাট ওলাব পাৰি।

কিন্তু অতি শেহতীয়া লোকেচন গুৱাহাটীত দেখা গৈছে। গুৱাহাটীৰ লখৰাৰ কাষতে আছে  অমিত আৰু তেওঁৰ দুই সহযোগী।ইতিমধ্যে এই ঘটনা সন্দৰ্ভত নংপৌক ছেকমাই আৰক্ষী থানাত দাখিল কৰা হৈছে এখন এজাহাৰ। প্ৰিয়ব্ৰত সিঙে আমাক জনোৱা মতে থৌবাল য়াৰিপক খংলেত এয়াৰটেলৰ তেওঁলোকৰ কাম চলি আছিল।  সেই স্থানলৈ আজি  আজি পুৱা গৈ দেখে সেই স্থানৰ পৰা পলায়ন কৰিছে ছুপাৰ ভাইজাৰ অমিতে।

তেওঁলোকে ব্যৱহাৰ কৰা এখন ট্ৰেক্টৰ আৰু তাৰ লগত থকা পানীৰ টেংকীও সেই স্থানত নাই। টেলিকম কোম্পানীৰ বিভিন্ন কামত ব্যৱহাৰ হোৱা সামগ্ৰী যেনে হৰিজণ্টেল ডিৰেকচন ড্ৰিলিং মেচিনৰ অংশ, ইঞ্জিং ডিস্ক, অপাৰেটৰ কণ্ট্ৰলাৰ,  হাইড্ৰলিক ৰড, হাইড্ৰলিক ফিল্টাৰ কণ্ট্ৰলাৰ, ডিজি মেক আদি চোৰ কৰি অমিতে পলায়ন কৰিছে। তেওঁৰ লগত আছে আন দুই সতীৰ্থ। তেওঁ জনোৱা মতে এই সকলো সামগ্ৰী এখন ট্ৰাকত উঠাই তেওঁলোকে পলায়ন কৰিছে। 

সেয়ে অমিতৰ শেহতীয়া মোবাইল লোকেচন কাৰ্বি আংলং জিলাত ধৰা পৰাৰ বাবে তেওঁ বিচাৰিছে অসম আৰক্ষীৰ সহায়। তাৰোপৰি যদি কোনো ব্যক্তিয়ে অমিত নামৰ এই লোকজনক প্ৰত্যক্ষ কৰে তেন্তে শীঘ্ৰেই আৰক্ষীক খবৰ দি আটক কৰাৰো ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে। 

মণিপুৰ চোৰ ইম্ফল