অৰুণাচল প্ৰদেশৰ লংডিঙত নিৰ্বাচনী উত্তেজনাঃ ৪০ টা গুলী চালনাৰ খবৰ...

মনোয়ন তদন্তৰ সময়তে অঘটন

author-image
Asomiya Pratidin
New Update
অৰুণাচল প্ৰদেশৰ লংডিঙত নিৰ্বাচনী উত্তেজনাঃ ৪০ টা গুলী চালনাৰ খবৰ...

অৰুণাচল প্ৰদেশৰ লংডিঙত নিৰ্বাচনী উত্তেজনাঃ ৪০ টা গুলী চালনাৰ খবৰ...

ডিজিটেল সংবাদ ইটানগৰঃ অৰুণাচল প্ৰদেশত নিৰ্বাচনক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তেজনাৰ পৰিস্থিতি। বৃহস্পতিবাৰে লংডিং জিলা উপায়ুক্ত কাৰ্যালয়ত এগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰাৰ পাছত মনোনয়ন তদন্তৰ সময়তে সংঘটিত হয় এই উত্তেজনাৰ পৰিস্থিতি।

Advertisment

উল্লেখ্য যে ৰিটাৰ্নিং অফিচাৰগৰাকীয়ে পংচাউ-ৱাকা সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰা এজন প্ৰাৰ্থী মনোনয়ন নাকচ কৰে। ইয়াকে লৈ সৃষ্টি হয় কাজিয়াৰ। ফলত কাৰ্যালয়টোত বৃদ্ধি হয় উত্তেজনা।

এনে উত্তেজনাৰ মাচতে জিলাখনৰ আৰক্ষী অধীক্ষক ডেকিঅ' গুমজা আহত হয়। ফলত আৰক্ষীয়ে উত্তেজিত লোকসকলক ছত্ৰভংগ দিয়াবলৈ কঠোৰস্থিতি গ্ৰহণ কৰে। জানিব পৰা মতে পৰিস্থিতি স্বাভাৱিক হোৱাৰ পূৰ্বলৈকে ৪০ টাকৈ গুলী চালনা কৰা হৈছে।

Also Read: প্ৰয়াত সত্ৰাধিকাৰ দেবানন্দ দেৱগোস্বামীৰ বাসগৃহত মন্ত্ৰী কেশৱ মহন্ত আৰু অতুল বৰা

অৰুণাচল প্ৰদেশ