মণিপুৰত আৰক্ষীৰ থানাৰ মূল প্ৰবেশদ্বাৰ অৱৰোধ কৰাক লৈ আছাম ৰাইফলছ -আৰক্ষীৰ মাজত তীব্ৰ উত্তেজনা

author-image
Asomiya Pratidin
New Update
মণিপুৰত আৰক্ষীৰ থানাৰ মূল প্ৰবেশদ্বাৰ অৱৰোধ কৰাক লৈ আছাম ৰাইফলছ -আৰক্ষীৰ মাজত তীব্ৰ উত্তেজনা

ডিজিটেল সংবাদ, বেকাজানঃ শুকুৰবাৰে পুৱা মণিপুৰৰ চুগনু আৰক্ষী থানা আৰু এছডিপিঅ’ৰ কাৰ্যালয়ৰ মূল গেট আছাম ৰাইফলছৰ দলে অৱৰোধ কৰাৰ অভিযোগ তুলি চুগনু আৰক্ষী আৰু ৩৭ আছাম ৰাইফলছৰ মাজত তীব্ৰ উত্তেজনা সৃষ্টি হয়।

Advertisment

উল্লেখযোগ্য যে শুকুৰবাৰে পুৱা প্ৰায় ৮:৩০ বজাত ৩৭ আছাম ৰাইফলছৰ চি অ’ দিগ্বিজয় আহলাৱতৰ নেতৃত্বত আছাম ৰাইফলৰ জোৱান ভৰ্তি তিনিখন ‘কাছপিৰ বাহন’ আহি আৰক্ষীক অৱগত নকৰাকৈ চুগনু আৰক্ষী থানা আৰু ইয়াৰ এছ ডি পি অ’ কাৰ্যালয়ৰ মূল প্ৰৱেশদ্বাৰ অৱৰোধ কৰে । আছাম ৰাইফলছৰ এই কাৰ্যত মণিপুৰ আৰক্ষী ক্ষুব্ধ হৈ পৰে।

নিৰ্ভৰযোগ্য সূত্ৰই জনোৱা মতে, কাছপিৰ তিনিখন বাহন চুগনু আৰক্ষী থানা আৰু এছডিপিঅ’ কাৰ্যালয়ৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত ৰখাই থোৱা আছিল যাতে কোনো বাহন প্ৰৱেশ বা প্ৰস্থান কৰিব নোৱাৰে। আনহাতে আছাম ৰাইফলছৰ এখন বাহনে ৰাজ্যৰ আৰক্ষী বাহিনীক আগুৰি ধৰিবলৈ চেষ্টা কৰি থানাৰ সন্মুখৰ সুগনু পথ অৱৰোধ কৰে বুলি সূত্ৰই জানিবলৈ দিয়ে। আৰক্ষী জোৱানসকলে যেতিয়া আছাম ৰাইফলছক তেওঁলোকৰ বাহন আঁতৰাবলৈ কয়, তেতিয়া আপাত দৃষ্টিত ইয়াক আওকাণ কৰা হৈছিল বুলি সূত্ৰই জানিবলৈ দিয়ে।

ইয়াৰ পিছতে ৩৭ অসম ৰাইফলৰ চি অ’ দিগ্বিজয় আহলাৱতৰ নেতৃত্বত অসম ৰাইফলছৰ জোৱানসকল আৰু মণিপুৰ আৰক্ষীৰ মাজত তীব্ৰ বাক্- বিতণ্ডাৰে উত্তেজনা সৃষ্টি হয় আৰু অতিৰিক্ত এছ পি (অ’ পি) থৌবাল, ৱাংখোম্বা ওক্ৰমচা; অতিৰিক্ত এছ পি (অ’পিছ), কাকচিং, চংথাম বিনয়; অতিৰিক্ত এছ পি, কাকচিং, এ ৰোমেন্দ্ৰা; এছডিপিঅ’ সুগনু, এণ্টনি সুৰেশ আৰু সুগনু আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰিয়াজ খান। এটা সময়ত অসম ৰাইফলছ আৰু ৰাজ্যৰ আৰক্ষীয়ে ইজনে সিজনৰ ফালে বন্দুকও টোৱাই সষ্টম হোৱা দেখা গৈছিল । কিন্তু যেতিয়া সুগনুৰ অ’চিয়ে ৩৭ আছাম ৰাইফলছৰ চিঅ’ক ৰাজ্যিক আৰক্ষীৰ মূল প্ৰৱেশদ্বাৰ অৱৰোধ কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হ’ব বুলি ভাবুকি দিয়ে তেতিয়া আছাম ৰাইফলৰ জোৱানসকলে সেই স্থান এৰি গুচি যায়।

উল্লেখযোগ্য যে মণিপুৰত কোনো ৰাষ্ট্ৰৰ সমৰ্থন নোহোৱাকৈয়ে গাঁৱৰ মানুহে উগ্ৰপন্থীৰ বিৰুদ্ধে যুঁজিবলৈ দৃঢ় স্থিতি গ্ৰহণ কৰে । ইফালে কুকি আৰু মেইটেইৰ দুয়োপক্ষৰ মাজত সংঘৰ্ষ চলি থকাৰ সময়তে টাংজেং, নাপেট আৰু পম্বিখককে ধৰি ওচৰৰ গাঁৱৰ পৰা ৰাজ্যিক বাহিনী আৰু কুকি উগ্ৰপন্থীৰ মাজত বন্দুকৰ গুলীচালনাৰ খবৰ পোৱা গৈছিল।

অঞ্চলটোৰ গাঁৱৰ ৰাইজে প্ৰশ্ন উত্থাপন কৰে যে ওচৰৰ গাঁৱত বন্দুকৰ গুলী সংঘটিত হোৱাৰ সময়ত কিয় ৩৭ আছাম ৰাইফলছে সুগনু আৰক্ষীৰ মূল প্ৰৱেশদ্বাৰ বন্ধ কৰি ৰাখিছিল। ৩৭ আছাম ৰাইফলছে পৰোক্ষভাৱে কুকি উগ্ৰপন্থীক সমৰ্থন কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে। সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত গাঁওবাসীক সুৰক্ষা দিয়াৰ বাবে সুগনু আৰক্ষী আৰু ৰাজ্যিক কমাণ্ডোৰ বীৰত্বপূৰ্ণ কাৰ্যক সুগনুৰ গাঁওবাসীয়ে শলাগ লয়।

manipur assam rifles