/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/mon-22.jpg)
ডিজিটেল সংবাদ বেকাজানঃ নাগালেণ্ডৰ মন জিলাৰ অটিঙত ২০২১ চনৰ ৪ ডিচেম্বৰত ১৩ জনকৈ নীৰিহ সাধাৰণ নাগৰিকক এম্বুশ পাতি হত্যা কৰা ঘটনাৰ সৈতে জড়িত ৩০ গৰাকী সেনা জোৱানৰ বিৰুদ্ধে নাগালেণ্ড আৰক্ষীয়ে ৰুজু কৰা গোচৰ বুধবাৰে উচ্চতম ন্যায়ালয়ে স্থগিত কৰে। কালি উচ্চতম ন্যায়ালয়ৰ বাৰ এণ্ড বেঞ্চে প্ৰকাশ কৰা এক তথ্য অনুসৰি আদালতত এছ আই টিয়ে ৰুজু কৰা গোচৰৰ বিৰুদ্ধে স্থগিতাদেশৰ বাবে দুখন আবেদনৰ শুনানি চলি আছিল।
ইয়াৰে এখন আবেদন দাখিল কৰিছিল নাগালেণ্ড আৰক্ষীয়ে গোচৰ তৰা সেনা বিষয়া মেজৰ অংকুশ গুপ্তাৰ পত্নী অঞ্জলী গুপ্তাই। আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশসকলৰ বিচাৰপীঠে গৃহীত কৰা আদেশত — ইন্দিৰা বেনাৰ্জী আৰু ভি ৰামাসুব্ৰমণিয়ানে এই কাণ্ডৰ সময়ত সেনাৰ এজন পেৰাট্ৰুপাৰৰ মৃত্যুৰ তদন্ত এতিয়াও হোৱা নাই বুলি লিপিবদ্ধ কৰে ।
আবেদনকাৰীয়ে দাবী কৰে যে সেনা বিষয়াসকলে কেৱল "ভাৰতীয় সংঘই নিৰ্দেশ অনুসৰি নিজৰ সঁচা কৰ্তব্য পালন কৰিছিল। কিন্তু উক্ত কাণ্ডৰ মুক্ত আৰু নিৰপেক্ষ তদন্ত চলাবলৈ গঠন কৰা নাগালেণ্ড চৰকাৰৰ বিশেষ তদন্তকাৰী দলে সম্পূৰ্ণ স্বেচ্ছাচাৰী, একপক্ষীয় আৰু অবৈধ পদ্ধতিৰে প্ৰমাণ তুলি কৰি কাম কৰিছে আৰু জনসাধাৰণৰ ক্ষোভ শান্ত কৰিবলৈ নিৰ্বাচিত কেইজনমানৰ সন্মুখত উপলব্ধ হোৱা প্ৰমাণ বাছি লৈছে ।
তদুপৰি এছ আই টিয়ে অভিযুক্ত আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ ব্যক্তিগত তথ্য প্ৰকাশ কৰি তেওঁলোকৰ সুৰক্ষাৰ প্ৰতি আওকাণ কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে। আনহাতে অভিযুক্ত সেনা জোৱানৰ দলটোৱে লাভ কৰা চোৰাংচোৱাৰ তথ্যৰ উৎসৰ বিষয়েও জ্ঞাত নহ'ল।
"সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন আৰু সেনা আইনৰ দ্বাৰা সুৰক্ষিত কৰ্মী হোৱাৰ পিছতো তেওঁলোকৰ বিৰুদ্ধে ইয়াৰ পৰিৱৰ্তে ফৌজদাৰী পদ্ধতি সংহিতাৰ অধীনত গোচৰ চলোৱা হৈছে আঙুলিয়াই দিয়া হৈছে। উল্লেখযোগ্য যে অভিযুক্ত পক্ষৰ হৈ অধিবক্তা আস্থা শৰ্মাৰ জৰিয়তে এই আবেদন দাখিল কৰা হৈছিল । স্মৰ্তব্য যে নাগালেণ্ড আৰক্ষীয়ে মে' মাহত মন জিলাৰ অটিঙ কাণ্ডৰ জড়িত যোৰহাটস্থ ২১ নং পাৰা কমাণ্ডোৰ বাহিনীৰ অভিযানকাৰী দলৰ ৩০ জন সদস্যৰ নাম চাৰ্জশ্বীটত উল্লেখ কৰা হৈছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us