/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/9d982c3f-a065-43de-9518-60f01e252c1b/ds.jpg)
ডিজিটেল ডেস্কঃ অবৈধ ৰোহিংগীয়া অনুপ্রৱেশ সন্দৰ্ভত DIG পাৰ্থসাৰথি মহন্তই সোমবাৰে এক সংবাদমেল সম্বোধন কৰে। এই সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য দাঙি ধৰে ডিআইজি গৰাকীয়ে।
মন্তই কয় যে, ৰোহিংগীয়াৰ বিৰুদ্ধে STF-এ ২৮ জুলাইৰ পৰা অভিযান চলাই আছিল। অভিযানত ৮টা দুৰ্ধৰ্ষ দালাল গ্রেপ্তাৰ কৰিছে এছটিএফে।
এছটিএফৰ ৫টা গোটে ত্রিপুৰাৰ পৰা অভিযান চলাই গ্রেপ্তাৰ কৰিছে এইসকলক। ইন্দো–বাংলাদেশ সীমান্তৰে এইসকলে অসমত প্রৱেশ কৰোৱাই ৰোহিংগীয়াক।
এছটিএফৰ অভিযানত এতিয়ালৈ মুঠ ১২টা দুৰ্ধৰ্ষ দালাল গ্রেপ্তাৰ কৰা হৈছে। এই দুৰ্ধৰ্ষ দালালকেইটাই ৰোহিংগীয়াসকলক বনাই দিয়ে নকল পাছবুক, আধাৰকাৰ্ড, পানকাৰ্ড আদি যাৱতীয় নথি পত্ৰ।
দুৰ্ধৰ্ষ দালালকেইটাৰ পৰা জব্দ নকল পাছবুক, আধাৰ কাৰ্ড, পান কাৰ্ড। ১/২৩ গোচৰত এইসকলক গ্রেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে এছটিএফে।গ্ৰেপ্তাৰ হোৱা লোককেইজন ক্ৰমেঃ
১) উনাকোটি, ত্ৰিপুৰাৰ দালুগাঁওৰ উত্তম পাল,
২)পশ্চিম ত্ৰিপুৰাৰ কমলঘাটৰ কাজল সৰকাৰ,
৩)পশ্চিম ত্ৰিপুৰাৰ কমলঘাটৰ সাগৰ সৰকাৰ,
৪)পাৰভেজ হুছেইন ওৰফে আব্দুল হুছেইন, চেপাহিজেলা জিলা, ত্ৰিপুৰা,
৫)চান্দপুৰৰ মোঃ শাহাদাত ওৰফে সাহাদাত (বাংলাদেশৰ নাগৰিক),
৬) শিব শংকৰ ঘোষ ওৰফে বোটো, বেলোনিয়া, দক্ষিণ ত্ৰিপুৰাৰ
৭) দক্ষিণ ত্ৰিপুৰাৰ বেলোনিয়াৰ কাৰ্তিক নামা,
৮)চিত্তগাঙৰ পৰা বাংলাদেশৰ নাগৰিক বিজয় বৰুৱা।