নাগালেণ্ডৰ ছাৰামতি পৰ্বত – জুক উপত্যকাত শুকুলা বৰফৰ আছাদন…

নাগালেণ্ডৰ ছাৰামতি পৰ্বত – জুক উপত্যকাত শুকুলা বৰফৰ আছাদন…

author-image
asomiyapratidin
New Update
নাগালেণ্ডৰ ছাৰামতি পৰ্বত – জুক উপত্যকাত শুকুলা বৰফৰ আছাদন…

ডিজিটেল সংবাদ ৱাখাঃ শীতৰ ঋতুত তুষাৰ আৰু বৰফৰ শুকুলা আচ্ছাদনৰ আমেজ ল'বলৈ এতিয়া আৰু উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যটকসকলে ছিমলা অথবা কাশ্মীৰলৈ যাব নালাগে । কিয়নো বিগত এসপ্তাহ ধৰি চুবুৰীয়া নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ পৰ্বতত ভীষণ তুষাৰপাত আৰু শুভ্ৰ বৰফৰে ওপচি পৰিছে । বিগত এপষেক ধৰি প্ৰচণ্ড শীত প্ৰবাহ চলি থকাৰ বাবে নাগালেণ্ডৰ ইণ্ডো ম্যানমাৰ সীমান্তত অৱস্থিত ৩৮৪১ মিটাৰ সৰ্বোচ্চ উচ্চতাৰ ছাৰামতি পৰ্বতত আৰু জুক উপত্যকাত ধাৰাসাৰ তুষাৰপাত হোৱাৰ ফলত সমগ্ৰ উপত্যকা শুকুলা বৰফেৰে ওপচি পৰিছে ।

Advertisment

পৰ্বতৰ ৰড্ৰড্ৰেণড্ৰন আৰু পাইন গছৰ পাতত ওলমি ৰোৱা বৰফৰ এই আচ্ছাদনে এক ভূস্বৰ্গ পৰিবেশ সৃষ্টি কৰিছে । ইফালে ম্যানমাৰ সীমান্তৰ নাগালেণ্ড নকলাক জিলাৰ ছকলগান গাঁৱত দেখিবলৈ পোৱা গৈছে শুকুলা বৰফৰ দৃষ্টিনন্দন আচ্ছাদন নাগালেণ্ডৰ ছাৰামতি পৰ্বতত ।

ইফালে বনৰীয়া ফুলৰ উপত্যকা নাগালেণ্ডৰ মণিপুৰৰ সীমান্তৰ জুক ভেলিত বৰফৰে ওপচি পৰিছে । এই তুষাৰপাতৰ ফলত নাগালেণ্ডৰ নাগালেণ্ডৰ টুৱেঙচাঙ , কিফিৰি , ঝুনহবুট , ফেক আৰু ক'হিমা জিলাৰ তাপমাত্ৰ – ৩ ডিগ্ৰী তললৈ নামিছে । প্ৰচণ্ড শীতৰ বাবে নাগালেণ্ডৰ পৰ্বতীয়া গাঁৱসমূহৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈ পৰিছে । ইফালে পৰ্যটকৰ ভূস্বৰ্গ স্বৰূপ ছাৰামতি পৰ্বত আৰু জুকু উপত্যকাৰ প্ৰকৃতিৰ এই অপৰূপ সৌন্দৰ্য আৰু প্ৰচণ্ড শীত উপভোগ কৰিবলৈ ইতিমধ্যে বাহৰ পাতিছে ।