/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/3a130427-57ed-4891-bd02-c039d5b44124/manipur.jpg)
ডিজিটেল সংবাদ, বেকাজানঃ মণিপুৰত খিলঞ্জীয়া সুৰক্ষাৰ দাবীত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (এন আৰ চি) ৰূপায়ণৰ দাবীত মংগলবাৰে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। পুৱা বি টি ৰোডৰ কোৱাইৰামবাণ্ড কেথেলৰ পৰা চিএম বাংলোৰ লৈ ইমা বজাৰৰ শতাধিক মহিলা বিক্ৰেতাই ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলকৰ সুৰক্ষাৰ স্বাৰ্থত এই প্ৰতিবাদী সমদল উলিয়ায়।
৬টা ছাত্ৰ সংগঠন ক্ৰমে কে এছ এ, ডেছাম, এইমছ, এম এছ এফ, এছ ইউ কে আৰু ইমা বজাৰৰ মহিলা বিক্ৰেতাই এই প্ৰতিবাদ সাব্যস্ত কৰে। অৱশ্যে আৰক্ষীয়ে প্ৰতিবাদকাৰীক বাধা দিয়াৰ ফলত পিছত পুনৰ ইমা কেথেলত সমবেত হৈ এন আৰ চি ৰূপায়ণৰ দাবীত শ্লোগান দিয়ে আৰু তাতেই তেওঁলোকে এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/c55b724a-ab1d-4ae3-b299-b5d1f74b1b9a/e4a14b00_7316_45e5_a3ef_c4a74a2fa993.jpg)
সংবাদ মাধ্যমক কেইথেল নুপি লুপৰ সাধাৰণ সম্পাদক লাইশ্ৰম মেমাই কয় যে মণিপুৰৰ ভৱিষ্যত ৰক্ষাৰ বাবে এন আৰ চিৰ দাবীত ছাত্ৰ-ছাত্ৰীয়ে ৰাজপথত ওলাই অহাৰ সময়ত কেইথেল মহিলা বিক্ৰেতা ছাত্ৰ-ছাত্ৰীৰ মাতৃসকল এনেদৰে মৌন হৈ থাকিব নোৱাৰে। তেওঁ কয় যে আজি খোৱাইৰমবন্দ কেথেলৰ বজাৰখন বহিৰাগত লোকে নিয়ন্ত্ৰণ কৰিছে । সেয়ে ছাত্ৰ সংগঠনসমূহে দাবী কৰা এন আৰ চিৰ কেইথেলৰ বিক্ৰেতা মহিলাসকলে সমৰ্থন কৰিব।
মণিপুৰত এন আৰ চি অনতিপলমে কাৰ্যকৰী কৰিবলৈ চৰকাৰক দাবী জনায় । ৬টা ছাত্ৰ সংগঠনৰ সমন্বয়ক ছালাম অ’পেনে কয় যে চৰকাৰে ৰাজ্যত এন আৰ চি ৰূপায়ণ নকৰালৈকে বিভিন্ন ধৰণৰ প্ৰতিবাদ অব্যাহত ৰাখিব। তেওঁ কয় যে সংৰক্ষিত বনাঞ্চলৰ ভিতৰত আৰু ৰাজ্যৰ অন্যান্য বনাঞ্চলত অবৈধ অনুপ্ৰৱেশকাৰীয়ে বসতি স্থাপন কৰি ৰাজ্যৰ খিলঞ্জীয়া লোকসকলৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/0d48e617-370a-4947-a059-0dee6fea11f1/71e9e43e_af22_48ae_9885_f3893c78bd58.jpg)
উল্লেখ্য যে, মণিপুৰৰ ৭টা ছাত্ৰ সংগঠনৰ প্ৰতিনিধি ; সদৌ নগা ছাত্ৰ সন্থা মণিপুৰ (ANSAM), মণিপুৰী ছাত্ৰ ফেডাৰেচন (MSF), মণিপুৰৰ গণতান্ত্ৰিক ছাত্ৰ মিত্ৰজোঁট (DESAM), কংলেইপাক ছাত্ৰ সন্থা (KSA), ছাত্ৰ সংগঠনৰ প্ৰতিনিধি ' ইউনিয়ন অৱ কাংগলেইপাক (এছ ইউ কে) আৰু অপুনবা ইৰেইপাক্কি মাহেৰ'ই চিনপাংলুপে নতুন দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰি মাৰ্চত মণিপুৰত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী ৰূপায়ণৰ দাবীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক স্মাৰক পত্ৰ প্ৰদান কৰিছিল ।
মণিপুৰ বিধানসভাই ২০২২ চনত ৰাজ্যিক জনসংখ্যা আয়োগ গঠনৰ লগতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি) কাৰ্যকৰী কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/ba919ca0-bc34-463c-9ea6-6acdab2d615b/5b668de0_ed31_4f69_9997_d81591a466e8.jpg)
Also Read: বেলতলা জ্যেষ্ঠ নাগৰিকৰ সতী জয়মতী দিৱস পালন