/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-03/xhhr85cn/silchar 3.jpg)
ডিজিটেল সংবাদ শিলচৰ: অবৈধ বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে অভিযান চলাই বুজণ পৰিমাণৰ চুপাৰি জব্দ কৰিছে অসম ৰাইফলছে। মনিপুৰৰ টেংনৌপাল জিলাৰ মাছি আৰু সীতা এলেকাত অভিযান চলাই ৩৬৪ বস্তা চুপাৰি জব্দ কৰিছে অসম ৰাইফলছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-03/8qt4229k/3ca5c5ef-95db-4526-996f-3bc18f8aa850.jpg)
অসম ৰাইফলছৰ এক সূত্ৰই জানিবলৈ দিয়া মতে, জব্দ কৰা চুপাৰীখিনিৰ মূল্য প্ৰায় ২.৫ কোটি টকা। অবৈধ চুপাৰীৰ সৈতে ৬ জন সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰা হৈছে।
আনহাতে মিজোৰামৰ ম্যাণমাৰ সীমান্তৰ চাম্পাই জিলাৰ তিনি স্হানত অভিযান চলাই মুঠ ৮০ বস্তা চুপাৰী জব্দ কৰিছে অসম ৰাইফলছে। জব্দ কৰা চুপাৰীখিনিৰ ওজন ৮৮০০ কিলোগ্ৰাম। চুপাৰীখিনিৰ মূল্য প্ৰায় ৬১ লাখ ৬০ হাজাৰ টকা বুলি সদৰী কৰিছে অসম ৰাইফলছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-03/us0ijpsq/d22af4e9-417d-4ee7-a2f2-142d7791b79c.jpg)
ঘটনা সংক্ৰান্তত তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। তেওলোকৰ পৰা বুজণ পৰিমাণৰ হেৰ'ইনো জব্দ কৰা হয়। হেৰ'ইন আৰু চুপাৰীৰ মূল্য প্ৰায় ৩.৪৭ কোটি টকা বুলি দাবী কৰিছে অসম ৰাইফলছে।
Also Read: বিজনীত ব্যৱসায়ীক প্ৰতিষ্ঠানৰ বেৰত লগালে অসমীয়া, হিন্দু বিৰোধী পোষ্টাৰ...