/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/2019-election.jpg)
ডিজটেল সংবাদ, শ্বিলংঃ দেশৰ অন্য ৰাজ্যৰ দৰে আজি মেঘালয়ৰ দুটা সমষ্টিৰ বাবেও ভোটগ্ৰহণ সম্পন্ন হয়। শ্বিলং আৰু তুৰা লোকসভা সমষ্টি দুটাত সন্ধিয়া ৫ বজালৈকে ৬২ শতাংশ ভোটগ্ৰহণ সম্পন্ন হোৱা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে শ্বিলং লোকসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ১১,৯৭,৮০৬। আনহাতে তুৰা সংসদীয় সমষ্টিটোৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ৭,১৬,৯৮৯ জন। মেঘালয়ৰ মুখ্য নিৰ্বাচন বিষয়া ফ্ৰডেৰিক ৰয়ে জানিবলৈ দিয়া মতে, সন্ধিয়া ৫ বজা পৰ্যন্ত সমষ্টি দুটাৰ মুঠ ভোটাৰৰ ১৯,১৪,৭৯৫ জনে ভোটাধিকাৰ সাব্যস্ত কৰিছে।
সমষ্টি দুটাৰ মুঠ ৩০০ টা ভোট কেন্দ্ৰত অনুষ্ঠিত ভোট গ্ৰহণ অতি শান্তিপূৰ্ণ সমাপ্ত হয়। শ্বিলং লোকসভা সমষ্টিৰ অন্তৰ্গত পান্থৌৰুমখ্ৰা বিধানসভা সমষ্টিৰ এটা ভোট কেন্দ্ৰত ভিভিপিএটিত বিসংগতি দেখা পোৱা যায় যদিও পিছত নতুন ভিভিপিএটিৰে ভোটগ্ৰহণ অনুষ্ঠিত কৰা হয়।
ইফালে, নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখে প্ৰশাসনে। ভোট কেন্দ্ৰ সমূহত কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীৰ লগতে, ৯০০০ মেঘালয় আৰক্ষী জোৱান আৰু বৃহৎ পৰিমাণৰ গৃহৰক্ষী বাহিনী মোতায়েম কৰি কটকটীয়া নিৰাপত্তা গঢ়ি তোলে প্ৰশাসনে।