শ্বিলঙৰ চেৰী ব্ল'ছম উৎসৱৰ সফল সমাপ্তি

শ্বিলঙৰ চেৰী ব্ল'ছম উৎসৱৰ সফল সমাপ্তি

ডিজিটেল সংবাদ, শিলচৰ : বহু প্ৰত্যাশিত শ্বিলঙৰ চেৰী ব্ল'ছম উৎসৱৰ দেওবাৰে সফল সামৰণি হয়। যোৱা ১৭ নৱেম্বৰৰ পৰা আয়োজন কৰা উৎসৱটো মেঘালয়ৰ ৰি-ভোইত থকা আৰ বি ডি এছ এ ক্ৰীড়া কমপ্লেক্সত ৩দিনীয়া কাৰ্যসূটীৰে অনুষ্ঠিত কৰা হৈছিল। অৱশ্যে প্ৰতিকূল বতৰৰ বাবে প্ৰথম দিনাৰ কাৰ্যসূচী বাতিল কৰিব লগা হৈছিল।

সংগীত, শিল্প, আৰু প্ৰাকৃতিক সৌন্দৰ্য্যৰ এক দৰ্শনীয় প্ৰদৰ্শনেৰে এই অনুষ্ঠানৰ আৰম্ভণী হয়। এই চেৰী ব্ল'ছম উৎসৱৰ দ্বিতীয় দিনটোত সহস্ৰাধিক সংগীতপ্ৰেমীয়ে ভিৰ কৰিছিল।

পৰ্যটন বিভাগৰ সন্মানীয় মন্ত্ৰী বাহ পল লিংডোহে এই উৎসৱত উপস্থিত হৈ কয় যে, শ্বিলঙৰ চেৰী ব্ল'ছম উৎসৱ ঐক্য আৰু উদযাপনৰ প্ৰতীকত পৰিণত হৈছে। প্ৰকৃতিৰ সৌন্দৰ্য্য আৰু মেঘালয়ৰ সাংস্কৃতিক বৈচিত্ৰ্যৰ সমৃদ্ধিৰ মাজত আনন্দ ল’বলৈ মানুহক একত্ৰিত কৰিছে। প্ৰতিকূল বতৰৰ বাবে প্ৰথম দিনাৰ কাৰ্যসূচী বাতিল কৰিবলগীয়া হ’ল যদিও বাকী ২টা দিনত ইয়াক সুন্দৰভাৱে ৰূপায়িত কৰা হ'ল।

এই উৎসৱৰ থলীত স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় শিল্পীৰ বিদ্যুৎস্পৃষ্ট পৰিৱেশনৰ প্ৰতিধ্বনিত অনুৰণন ঘটাই এক ব্যতিক্ৰমী পৰিৱেশৰ সৃষ্টি কৰিছিল। এই দিনটোত হাইব্ৰিড থিয়ৰী, এন ই-য়ো, মেবা অফিলিয়া, পিংক পাণ্ডা, স্নো হোৱাইট, ৰাহুল ৰাজখোৱা, বেঞ্জপ, কেনি মিউজিক, গ্ৱেনেথ, চি ৱাই চি অ’ আৰু চেভিনিয়া আদিৰ দৰে শিল্পীয়ে অংশগ্ৰহণ কৰে।

স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় শিল্পীৰ অনবদ্য পৰিৱেশনে দৰ্শকক বিভিন্ন ধৰণৰ সংগীতৰ ধাৰাৰে মোহিত কৰিছিল। শক্তিশালী বিটৰ পৰা আৰম্ভ কৰি আত্মাস্পৰ্শী পৰিবেশনলৈকে শিল্পীসকলে নিজৰ অসাধাৰণ প্ৰতিভা প্ৰদৰ্শন কৰি দৰ্শকক আচৰিত কৰি তুলিছিল।

শ্বিলঙৰ চেৰী ব্ল'ছম উৎসৱৰ সফল সমাপ্তি
অইল ইণ্ডিয়া লিমিটেডৰ ৰাজহুৱা শৌচাগাৰত উদ্ধাৰ অচিনাক্ত মৃতদেহ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in