আই পি এছ বিষয়া অমিতাভ ৰঞ্জনক আৰক্ষী সঞ্চালক প্ৰধান হিচাপে নিযুক্তি…

আই পি এছ বিষয়া অমিতাভ ৰঞ্জনক আৰক্ষী সঞ্চালক প্ৰধান হিচাপে নিযুক্তি…

author-image
asomiyapratidin
New Update
আই পি এছ বিষয়া অমিতাভ ৰঞ্জনক আৰক্ষী সঞ্চালক প্ৰধান হিচাপে নিযুক্তি…

ডিজিটেল ডেস্কঃ জ্যেষ্ঠা আই পি এছ এছ বিষয়া অমিতাভ ৰঞ্জনক ত্ৰিপুৰাৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে। ১৯৮৮ বেটছনৰ আই পি এছ বিষয়া অমিতাভ ৰঞ্জন বৰ্তমান দিল্লীৰ ইণ্টেলিজেঞ্চ ব্যুৰো (আই বি)ৰ বিশেষ সঞ্চালক।

উল্লেখ্যে যে ত্ৰিপুৰাৰ ডি জি পি ভি এছ যাদৱৰ স্থানত অমিতাভ ৰঞ্জনক স্থলাভিষিক্ত কৰা হৈছে। ভি এছ যাদৱৰ কাৰ্যকাল ২০২১ চনৰ মাৰ্চতেই অন্ত পৰিছিল যদিওঁ তেওঁৰ কাৰ্যকাল ২০২২ ৰ নৱেম্বৰলৈ বৃদ্ধি কৰা হৈছিল।

ইয়াৰ পূৰ্বে, ৰাজ্যখনৰ মুখ্য সচিব পদৰ পৰা কুমাৰ আলোকক অপসাৰণ কৰি তেওঁক তুলনামূলক ভাৱে তলৰ পৰ্যায়ৰ পদ ৰাজ্যিক প্ৰশাসন আৰু গ্ৰোমোন্নয়নৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে। তেওঁ বৰ্তমান ছুটিত আছে। আনহাতে প্ৰধান সচিব জে কে সিনহাক ভাৰপ্ৰাপ্ত মুখ্য সচিব হিচাপে দায়িত্ব দিয়া হৈছে।