অসম-মেঘালয় ভূমি বিবাদৰ দ্বিতীয় পৰ্যায়ৰ আলোচনা ২৪ মে'ত...

অসম-মেঘালয় ভূমি বিবাদৰ দ্বিতীয় পৰ্যায়ৰ আলোচনা ২৪ মে'ত...

author-image
Asomiya Pratidin
New Update
অসম-মেঘালয় ভূমি বিবাদৰ দ্বিতীয় পৰ্যায়ৰ আলোচনা ২৪ মে'ত...

অসম-মেঘালয় ভূমি বিবাদৰ দ্বিতীয় পৰ্যায়ৰ আলোচনা ২৪ মে'ত...

ডিজিটেল ডেস্কঃ অসম-মেঘালয়ৰ ভূমি বিবাদ দূৰ কৰাৰ বাবে দুয়োখন চৰকাৰৰ দ্বিতীয় পৰ্যায়ৰ আলোচনা শীঘ্ৰেই আৰম্ভ হ’ব। এই সন্দৰ্ভত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই উল্লেখ কৰা অনুসৰি ২৪ মে'ত এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে তেওঁৰ বৈঠক অনুষ্ঠিত হ'ব।

Advertisment

সাংবাদিকৰ আগত কনৰাড চাংমাই উল্লেখ কৰা অনুসৰি সকলো ঠিকে থাকিলে চলিত মাহৰ ২৪ মে'ত গুৱাহাটীত দুয়োগৰাকী মুখ্যমন্ত্ৰী পুনৰ বৈঠকত বহিব। এই সন্দৰ্ভত তেওঁ কয়, অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কমিটীৰ সদস্যসকলৰ সৈতে ২৪ মে'ত বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

দ্বিতীয় পৰ্যায়ৰ ভূমি বিবাদ দূৰ কৰাৰ বাবে এয়া হ'ব প্ৰথমখন বৈঠক। অৱশ্যে এতিয়াও এই বৈঠক চূড়ান্ত হোৱা নাই যদিও অনানুষ্ঠানিক ভাৱে বৈঠকলৈ সন্মতি জনাইছে দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে।

উল্লেখ্য যে, ইতিমধ্যে মেঘালয়ৰ সৈতে থকা ভূমি বিবাদ দূৰ কৰিবৰ বাবে প্ৰথম প্ৰচেষ্টা হিচাপে ইতিমধ্যে মুঠ ৬ টা স্থানৰ বিবাদ দূৰ কৰি দুয়ো ৰাজ্যই দিল্লীত গৃহমন্ত্ৰীৰ উপস্থিতিত এক বুজাপৰাৰ চুক্তিত স্বাক্ষৰ কৰিছে। অৱশ্যে তাৰ পাছতো এই অঞ্চল কেইটাত ভূমি বিবাদক লৈ সৃষ্টি হোৱা উত্তেজনা হ্ৰাস হোৱা নাই।

এতিয়াও বকোকে ধৰি কেইবাটাও অঞ্চলত মেঘালয়ৰ আগ্ৰাসন চলাই থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে। এইবাৰৰ দ্বিতীয় প্ৰচেষ্টাৰ অংশ হিচাপে দুয়ো ৰাজ্যৰ মাজত চলি থকা বৰদুৱাৰ, লাংপিহ,  নংৱাহ-মাওটামোৰ, দেশদুমৰেহ, ব্লক-১, ব্লক-২ আৰু চিয়াৰ-খাণ্ডুলিৰ ভূমি বিবাদ দূৰ কৰাৰ প্ৰচেষ্টা চলিব।

উল্লেখ্য যে, দুয়ো ৰাজ্যৰ জনসাধাৰণৰ মাজত শান্তিৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ আৰু সংযম ৰক্ষাৰ বাবে দুয়োখন ৰাজ্যৰ প্ৰশাসনৰ লগত প্ৰতিনিধি দলে এই অঞ্চল কেইটা ভ্ৰমণ কৰিব। আনহাতে অসম, মেঘালয়ৰ মাজত সময়ে সময়ে সৃষ্টি হৈ থকা ভূমি কেন্দ্ৰিক সংঘাটৰ সন্দৰ্ভত তেওঁ কয় এই বিষয়টোক লৈ আমি সচেতন হৈছো।

তেওঁ কয়, আমি শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিবলৈ এই অঞ্চলসমূহৰ ৰাইজক আহ্বান জনাইছো। আমি এই অঞ্চলসমূহৰ স্থায়ী শান্তিৰ বাবে একমাত্ৰ উপায় হিচাপে সীমা সমস্যা সমাধান কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছো।

Also Read: জোনমণি ৰাভাৰ গোচৰ CBI লৈ হস্তান্তৰ কৰিবলৈ সাজু ! মুখ্যমন্ত্ৰীয়ে ক'লে- নিৰ্দোষীক দোষী, দোষীক নিৰ্দোষী সজোৱা নহ'ব...

মেঘালয় কনৰাড চাংমা ভূমি বিবাদ