আই পি এছ বিষয়া ৰবীন হিবুক ডিজিপিলৈ পদোন্নতি...

ডিজিপি পদ লাভ কৰা হিবু অৰুণাচলৰ প্ৰথমগৰাকী আই পি এছ

author-image
Asomiya Pratidin
New Update
আই পি এছ বিষয়া ৰবীন হিবুক ডিজিপিলৈ পদোন্নতি...

ডিজিটেল ডেস্কঃ দিল্লী আৰক্ষীৰ বিশেষ আৰক্ষী আয়ুক্ত হিচাপে কৰ্মৰত অৰুণাচল প্ৰদেশৰ আই পি এছ বিষয়া ৰবীন হিবুক পদোন্নতি। আৰক্ষী সঞ্চালক প্ৰধান পৰ্যায়ৰ ৰেংকলৈ তেওঁক পদোন্নতি দিয়া হৈছে।

Advertisment

উল্লেখ্য যে, ডিজিপি পৰ্যায়লৈ পদোন্নতি লাভ কৰা হিবু অৰুণাচল প্ৰদেশৰ প্ৰথমগৰাকী আই পি এছ বিষয়া। তেওঁৰ এই সাফল্যত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুকে ধৰি একাধিক ৰাজনৈতিক নেতা তথা ভিন্ন ক্ষেত্ৰৰ নাগৰিকে শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰিছে।

হিবু ১৯৯৩ (৪৭ আৰ আৰ) বেটছৰ অৰুণাচল, গোৱা, মিজোৰাম আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ কেডাৰ। বৰ্তমান তেওঁ দিল্লী আৰক্ষীৰ ভিজিলেঞ্চ, পৰিবহণ সুৰক্ষা শাখা আৰু বি অ' এফ নিযুক্তি কাৰ্যালয়ৰ অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰি আছে।

অৱশ্যে তেওঁক কোনখন ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে সেই বিষয়ে জানিব পৰা হোৱা নাই। এই সন্দৰ্ভত তেখেতৰ সৈতে যোগাযোগ কৰাত তেওঁ ডিজিপি হিচাপে নিযুক্তি লাভ কৰাত আনন্দ প্ৰকাশ কৰি কয় যে, মই আৰক্ষী সঞ্চালক প্ৰধান হিচাপে নিযুক্তি লাভ কৰাৰ খবৰ পাইছো। ক'ত নিযুক্তি প্ৰদান কৰা হৈছে সেই বিষয়ে এতিয়ালৈকে কোনো কথা জানিব পৰা নাই।

তেওঁ কয়, গৃহৰাজ্য অৰুণাচল প্ৰদেশৰ উপৰিও, মিজোৰাম, চণ্ডিগড়, গোৱা আদি যিকোনো এখন ৰাজ্যৰে আৰক্ষী সঞ্চালক প্ৰধান হোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য যে, অৰুণাচল প্ৰদেশৰ সন্তান ৰবীন হিবুৱে আগবঢ়োৱা সেৱাৰ বাবে প্ৰতিদিন গোষ্ঠীয়ে ২০২২ চনত 'এক্সিলেঞ্চ ইন পাব্লিক চাৰ্ভিছ' শিতানত 'এচিভাৰ এৱাৰ্ড' প্ৰদান কৰিছে।

Also Read: ডিব্ৰুগড়ৰ জকাই বি এন প্ৰসাদ শংকৰদেৱ বিদ্যা নিকেতনত দুষ্কৃতিকাৰীৰ অতপালি

ৰবীন হিবু