নতুন পেঞ্চন নীতি বাতিলৰ দাবীত ৰাজ্যজুৰি কৰ্মচাৰীৰ কর্মবিৰতিলৈ আপৰ পূৰ্ণ সমর্থন

নতুন পেঞ্চন নীতি বাতিলৰ দাবীত ৰাজ্যজুৰি কৰ্মচাৰীৰ কর্মবিৰতিলৈ আপৰ পূৰ্ণ সমর্থন

ডিজিটেল ডেস্ক : অসমৰ চৰকাৰী কৰ্মচাৰীসকলে নিজৰ অৱসৰকালীন সুৰক্ষাৰ স্বাৰ্থত পুৰণি পেঞ্চন ব্যৱস্থা চমুকৈ অ'পিএছ পুনৰ প্ৰৱৰ্তনৰ দাবীত ৰাজ্যজুৰি চলিছে কৰ্মবিৰতি। অ'পিএছ পুনৰ প্ৰৱৰ্তনৰ দাবীত আহ্বান জনোৱা ২দিনীয়া কৰ্মবিৰতিৰ প্ৰতি পূৰ্ণ সমর্থন আগবঢ়াইছে আম আদমি পার্টী অসমে

দলটোৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে এক প্ৰেছ বিবৃতিযোগে কয় যে জীৱনৰ অধিকাংশ সময় চৰকাৰী কৰ্মচাৰী হিচাপে সেৱা আগবঢ়াই অহাৰ অন্তত অৱসৰৰ পিছত কৰ্মচাৰীসকলে যাতে সুস্থিৰভাৱে জীবননিৰ্বাহ কৰিব পাৰে তাৰ বাবে পুৰণি পেঞ্চন নীতি বাহাল ৰাখিবলৈ চৰকাৰক দাবী জনায়।

পাঞ্জাৱৰ 'আপ' চৰকাৰৰ প্ৰসংগৰে তেওঁ উল্লেখ কৰে যে, ইতিমধ্যে ৰাজ্যখনত কৰ্মচাৰীসকলৰ স্বাৰ্থত পুৰণি পেঞ্চন নীতি বাহাল ৰাখিছে। আর্থিক নিৰাপত্তা লাভ কৰাটো তেওঁলোকৰ অধিকাৰ বুলি সভাপতি চৌধুৰীয়ে উল্লেখ কৰে।

বিজ্ঞপ্তিটোত উল্লেখিত অনুসৰি, অসমৰ লগতে দেশৰ বিজেপি দল শাসিত ৰাজ্যসমূহত ইতিমধ্যে বহু চৰকাৰী চাকৰিৰ পদ কৰ্তনৰ পদক্ষেপ হাতত লৈছে। এইয়া বিজেপিৰ ব্যক্তিগতকৰণৰ কৰ্প'ৰেট নীতিক উৎসাহিত কৰাৰ এটা পৰিকল্পিত কৌশল বুলি দলটোৱে উল্লেখ কৰে।

আম আদমি পাৰ্টীয়ে এই ক্ষেত্ৰত মানৱীয় দৃষ্টিভংগীৰে অ' পি এছ ব্যৱস্থা প্ৰৱৰ্তনৰ কথা বিবেচনা কৰিবলৈ ৰাজ্য চৰকাৰ আহ্বান জনায়।

নতুন পেঞ্চন নীতি বাতিলৰ দাবীত ৰাজ্যজুৰি কৰ্মচাৰীৰ কর্মবিৰতিলৈ আপৰ পূৰ্ণ সমর্থন
ওৰাং-ৰৌতা উচ্ছেদ সন্দৰ্ভত কাৰ্যবাহী সদস্য নিলুত স্বৰ্গীয়াৰীৰ প্ৰতিক্ৰিয়া

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in