হিংসা জৰ্জৰ মণিপুৰত পুনৰ বুজণ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ...

গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে অস্ত্ৰসমূহ লুকুৱাই ৰখা দুৰ্বৃত্তক

author-image
Asomiya Pratidin
New Update
হিংসা জৰ্জৰ মণিপুৰত পুনৰ বুজণ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ...

হিংসা জৰ্জৰ মণিপুৰত পুনৰ বুজণ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ...

ডিজিটেল সংবাদ শিলচৰঃ অশান্ত জৰ্জৰ মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে নিৰাপত্তা বাহিনীয়ে। তাৰ মাজতে পূৱ ইম্ফল জিলাৰ বাংবাল খুল্লেন এলেকাত অভিযান চলাই নিৰাপত্তা বাহিনীয়য়ে পুনৰ জব্দ কৰে মাৰণাস্ত্ৰ।

Advertisment

এই অভিযান কালত নিৰাপত্তা বাহিনীয়ে এটা ৯ এম এম পিষ্টল, এটা হেভী কেলিবাৰ লঞ্চাৰ, মেগজীনসহ এটা পইণ্ট ১৭৭ ৰাইফল, এটা ১২-ব’ৰ ডাবল বেৰেল ৰাইফল, এটা পম্পী গান, মেগজীনৰ সৈতে এটা পইন্ট থ্ৰী টু পিষ্টল, ৪ টা হেণ্ড গ্ৰেণেড, এটা এণ্টী-ৰিয়াট ষ্টান গ্ৰেণেড, ছিক্সটি এম এমৰ এটা সতেজ ম'ৰ্টাৰ ছেল , ৪ ছেট ডিটনেটৰ, ৫৩ টা সজীৱ গুলী আৰু ৭.৬২ এম এমৰ ৫২টা বিষ্ফোৰক কাৰ্টিজ জব্দ কৰে।

এই বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ কৰিলেও অৱশ্যে কোনো লোককে আটক কৰিব নোৱাৰিলে নিৰাপত্তা বাহিনীয়ে।

Also Read: নট ফিনিছড...

অবৈধ অস্ত্ৰ উদ্ধাৰ মণিপুৰ