/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/0a55313b-12ad-4337-900b-c831554e44a4/rahul gandhi 7.jpg)
৮ জুলাইত মণিপুৰলৈ যাব ৰাহুল গান্ধীঃ পৰিদৰ্শন কৰিব আশ্ৰয় শিবিৰ...
ডিজিটেল ডেস্কঃ কংগ্ৰেছ সাংসদ তথা লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে অহা ৮ জুলাইত অগ্নিগৰ্ভা মণিপুৰ ভ্ৰমণ কৰিব। যোৱা প্ৰায় ডেৰটা বছৰে গোষ্ঠীগত সংঘৰ্ষত জৰ্জৰিত হৈ থকা উত্তৰ পূৰ্বাঞ্চলৰ এই ক্ষুদ্ৰ ৰাজ্যখনত এই পৰ্যন্ত ২০০ ৰো অধিক লোকে প্ৰাণ হেৰুওৱাৰ লগতে ৬০ হাজাৰৰো অধিক লোক গৃহহীন হৈ আছে।
কুকি আৰু মেইটেইৰ মাজত সংঘটিত হোৱা গোষ্ঠীগত সংঘৰ্ষ এতিয়াও অব্যাহত আছে। এনে পৰিস্থিতিতো কেন্দ্ৰীয় চৰকাৰৰ মণিপুৰ বিষয়ক গুৰুত্ব নিদিয়াৰ অভিযোগ বহুলভাৱে উত্থাপিত হৈ আহিছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ গঠন হোৱাৰ পাছতে সংসদত অনুষ্ঠিত বিশেষ অধিবেশনত মণিপুৰ প্ৰসংগ লৈ বিৰোধীয়ে উত্তপ্ত পৰিস্থিতিৰ সূচনা কৰিছিল। বিজেপি আৰু এন ডি এ চৰকাৰৰ প্ৰসস্তিৰে পৰিপূৰ্ণ ৰাষ্ট্ৰপতিৰ ভাষণত নাছিল মণিপুৰক লৈ এটাও শব্দ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও লোকসভাত এবাৰলৈয়ো নললে মণিপুৰৰ নাম। এনে পৰিস্থিতিত স্বাভাৱিকতে বিৰোধী খৰ্গহস্ত হৈ পৰিছে। সমালোচনাৰ সন্মুখীন হৈছে প্ৰধানমন্ত্ৰী মোডী। লোকসভাত অগ্নিবৰ্ষা ভাষণেৰে মণিপুৰৰ সাংসদে দেশবাসীৰ দৃষ্টি কাঢ়িছে।
ইয়াৰ মাজতে ৰাহুল গান্ধী ৮ জুলাইত মণিপুৰ ভ্ৰমণৰ বাবে সাজু হৈছে। ৰাজ্যখনত গান্ধীয়ে সংঘৰ্ষৰ ফলত গৃহহীন হৈ পৰা লোকসকলে আশ্ৰয় লোৱা শিবিৰসমূহ পৰিদৰ্শন কৰিব। ইয়াৰোপৰি জিলাখনৰ কংগ্ৰেছ নেতৃত্বৰেও আলোচনাত বহিব।
উল্লেখ্য যে, প্ৰায় ডেৰ বছৰ হোৱা মণিপুৰৰ এই গোষ্ঠীগত সংঘৰ্ষ এতিয়াও অব্যাহত আছে। ৰাজ্যখনত ঠায়ে ঠায়ে জ্বলি আছে গাওঁ। অবৈধ মাৰনাস্ত্ৰ আছে বহুতৰে হাতত। সুযোগ পালেই এটা মেইটেই আৰু কুকিৰ মাজত হয় সংঘৰ্ষ।
অৱশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাজ্যসভাত উল্লেখ কৰা মতে কেন্দ্ৰীয় চৰকাৰে মণিপুৰৰ পৰিস্থিতি স্বাভাৱিক কৰাৰ প্ৰচেষ্টা হাতত লৈছে। ৰাজ্যখনত ১১ হাজাৰৰো অধিক এজাহাৰ দাখিল হৈছে আৰু ৫০০ ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ৰাজ্যখনৰ হিংসাত্মক পৰিস্থিতি হ্ৰাস পাইছে।শিক্ষানুষ্ঠানসমূহ পুনৰ খোলা হৈছে। আৰম্ভ হৈছে পাঠদান।
Also Read: "বিকাশ"ৰ উদ্যোগত অনুষ্ঠিত যোগাসন প্ৰশিক্ষণ শিবিৰৰ সামৰণি অনুষ্ঠান সম্পন্ন...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us