মণিপুৰত কুকি-জো প্ৰধান অঞ্চলত মেইটেই বিষয়া নিয়োগৰ বিৰুদ্ধে প্ৰতিবাদ

মণিপুৰত কুকি-জো বসতি প্ৰধান অঞ্চলত মেইটেই বিষয়া নিয়োগ নীতিৰ বিৰুদ্ধে প্ৰতিবাদ

author-image
Asomiya Pratidin
New Update
মণিপুৰত কুকি-জো প্ৰধান অঞ্চলত মেইটেই বিষয়া নিয়োগৰ বিৰুদ্ধে প্ৰতিবাদ

ডিজিটেল সংবাদ, বেকাজানঃ ৰাজনৈতিক সমাধানৰ অবিহনে মণিপুৰৰ কুকি-জো বসতিপ্ৰধান অঞ্চলত মেইটেই বিষয়াক নিয়োগ কৰা বিৰুদ্ধে শনিবাৰে ম’ৰেহ চহৰত বিশাল ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মণিপুৰৰ টেংগন’পাল জিলাৰ গালংগাম লেনটৌল ম’ৰেহত হাজাৰ হাজাৰ কুকিলোকে এই প্ৰতিবাদ সাব্যস্ত কৰে ।

Advertisment

কুকি ইনপি টেংগন’পাল জিলাৰ (KIT) উদ্যোগত অনুষ্ঠিত হোৱা এই প্ৰতিবাদত কুকি-জো সম্প্ৰদায়ৰ প্ৰায় ৪ হাজাৰৰো অধিক লোকে অংশগ্ৰহণ কৰে। প্ৰতিবাদী কাৰ্যসূচী সন্দৰ্ভত কেআইটিৰ মুখপাত্ৰ কাইখোলাল হাওকিপে কয় যে, ৰাজনৈতিক সমাধান অবিহনে ম’ৰেহ চহৰত মেইটেইসকলক পুনৰ সংস্থাপন কৰাৰ যিকোনো পদক্ষেপক টেংগন’পাল জিলাৰ কুকি-জো সম্প্ৰদায়ে প্ৰবল বিৰোধিতা কৰিব।

চৰকাৰক কেআইটিয়ে সকীয়াই দিয়ে যে, টেংগন’পাল জিলাৰ নিৰাপত্তাৰক্ষী, আৰক্ষী আৰু অসামৰিক প্ৰশাসনৰ সকলো মেইটেইয়ে লোককে অতিশীঘ্ৰেই জিলাখনৰ পৰা আঁতৰাই পথিওৱাৰ ব্যৱস্থা কৰিব লাগে । তেওঁ লগতে কয় যে, টেংগন’পাল জিলাৰ খিলঞ্জীয়া কুকি-জো সম্প্ৰদায়ে ম’ৰেহ চহৰত মেইটেইসকলক পুনৰ সংস্থাপন কৰাৰ যিকোনো প্ৰচেষ্টা আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা ৰাজনৈতিক সমাধান অবিহনে টেংগন’পাল জিলাত মেইটেই চৰকাৰৰ বিষয়া নিয়োগ কৰা কাৰ্যৰ বিৰোধিতা কৰিব।

টেংগন’পাল জিলা আৰু ম’ৰেহ চহৰত মেইটেইসকলকক পুনৰ সংস্থাপনৰ পৰিকল্পনা আৰু জিলাখনত মেইটেই চৰকাৰী বিষয়া নিয়োগ কৰাটো এন বীৰেণ সিঙৰ খিলঞ্জীয়া কুকি সম্প্ৰদায়ক বশ কৰি নিঃশেষ কৰা এক পৰিকল্পনা বুলিও কেআইটিয়ে উল্লেখ কৰে। কুকিসকলে লগতে কয় যে,কুকি-জো সম্প্ৰদায়ে মুখ্যমন্ত্ৰীৰ এই কুৎসিত আৰু কু-অভিপ্ৰায়ক মানি নলয়। প্ৰথমে ৰাজনৈতিক সমাধান হ’ব লাগিব তাৰ পিছতহে পুনৰসংস্থাপন সম্ভৱ হ’ব।

manipur govt Kuki