/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/5950fbb7-867b-4c7f-a3ef-03bb53a9e9fa/AP_FOR_WEB_Manipur.jpg)
ডিজিটেল ডেস্কঃ মণিপুৰৰ ঘটনাই জোকাৰি গৈছে দেশ। দুগৰাকী মহিলাক উলংগ কৰি ৰাজপথত পেৰেড কৰিছিল একাংশ মানৱৰূপী দানৱে। বুধবাৰে এই ভিডিঅ' পোহৰলৈ অহাৰ পাছতেই উচ্চতম ন্যয়ালয়ৰ পৰা আৰম্ভ কৰি মহিলা আয়োগেও ইয়াৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।
মণিপুৰৰ এই ঘটনাত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অভিনেত্ৰী প্ৰিয়ংকা ছোপ্ৰাই। এই ঘটনা জঘন্য অপৰাধ বুলি গন্য কৰিছে অভিনেত্ৰীগৰাকীয়ে। ইনষ্টাগ্ৰামৰ ষ্টৰীত প্ৰিয়ংকাই লিখিছে- এটা ভিডিঅ' ভাইৰেল হৈছে। ঘটনা সংঘটিত হোৱাৰ ৭৭ দিন পাছত এই ভিডিঅ' ভাইৰেল হৈছে। যুক্তি? কাৰণ ? যিয়েই নহওক। আমাক মহিলাবোৰক কোনো কাৰণতে খেলৰ সামগ্ৰী বনাব নোৱাৰে। প্ৰিয়ংকা ছোপ্ৰাই মণিপুৰৰ বাবে ন্যায়ৰ দাবী কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/d413d050-ec49-4c49-b67d-8f906cfca884/2d5d0d80_d309_41ed_806a_b22d984a8d50.jpg)
ইয়াৰোপৰি জয়া বচ্ছনে,অক্ষয় কুমাৰ আদিয়েও এই ঘটনাক নিন্দা কৰিছে। লগতে ন্য়ায়ৰ দাবী কৰিছে। উল্লেখ্য যে, এই ঘটনা সন্দৰ্ভত বৰ্তমানলৈকে ৪ জনক গ্ৰেপ্তাৰ কৰা হৈছে।
Also Read: মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগৰ দাবী সাংসদৰ...