/asomiyapratidin/media/media_files/2025/02/13/wHcNdF6BB6ewSfxJhqxN.png)
ডিজিটেল ডেস্কঃ অৱশেষত অশান্ত মণিপুৰত জাৰি কৰা হ’ল ৰাষ্ট্ৰপতিৰ শাসন। যোৱা ৯ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীৰ পদৰ পৰা এন বীৰেন সিঙে পদত্যাগ কৰাৰ পাছতেই ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসন জাৰি হোৱাৰ সম্ভাৱনাই দেখা দিছিল।
এই সময়ছোৱাত অৱশ্যে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই মণিপুৰৰ বিজেপি চৰকাৰক নেতৃত্ব দিব পৰাকৈ এগৰাকী বিকল্প নেতাৰ সন্ধানত আছিল যদিও তেনে কোনো নেতাৰ নাম মুখ্যমন্ত্ৰীৰ বাবে চূড়ান্ত কৰিব নোৱাৰিলে।তাৰ মাজতেই আজি ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰা হৈছে।
উল্লেখ্য যে, যোৱা সোমবাৰৰ পৰা মণিপুৰ বিধানসভাৰ অবিধেৱশন হোৱাৰ কথা আছিল। এই অধিবেশনতে শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিবলৈ প্ৰস্তাৱ ৰাখিছিল বিৰোধীয়ে। বিৰোধীৰ এই প্ৰস্তাৱলৈ সমৰ্থন আগবঢ়াবলৈ সাজু হৈছিল বিজেপিৰ ৯ গৰাকীকৈ বিধায়ক। তাৰোপৰি এন পি পি, জে ডি ইউ আৰু নিৰ্দলীয় কেইবাজনো বিধায়কেও এই প্ৰস্তাৱৰ প্ৰতি সমৰ্থন জনাবলৈ সাজু হৈছিল।
এনে পৰিস্থিতিত ৰাজ্যখনত বিজেপি চৰকাৰৰ পতন প্ৰায় নিশ্চিত আছিল। এই বিষয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাত কৰি সবিস্তাৰে অৱগত কৰে মণিপুৰ বিধানসভাৰ অধ্যক্ষগৰাকীয়ে। তাৰ পাছতেই জৰুৰীভাৱে এন বীৰেন সিঙক দিল্লীলৈ তলব কৰে আৰু দিল্লীৰ পৰা উভতি অহাৰ পাছতে ৰাষ্ট্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰৰ লগতে কেইবাজনো বিধায়কৰ উপস্থিতিত মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰে এন বীৰেন সিঙে।
ইয়াৰ পাছতেই ৰাজ্যখনৰ ৰাজ্যপাল অজয়কুমাৰ ভাল্লাই মণিপুৰৰ দায়িত্ব অস্থায়ীভাৱে পালন কৰিবলৈ এন বীৰেন সিঙকে দায়িত্ব দিয়ে আৰু পৰৱৰ্তী মুখ্যমন্ত্ৰী নিৰ্বাচিত নোহোৱালৈকে তেওঁ এক প্ৰতিবেদন প্ৰস্তুত কৰি কেন্দ্ৰলৈ প্ৰেৰণ কৰে। আজি কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ৰ পৰা মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসনৰ নিৰ্দেশ জাৰি কৰা হয়।
এই জাননীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ বক্তব্যত লিখিছে এইদৰে- ‘’মণিপুৰৰ ৰাজ্যপালৰ প্ৰতিবেদন মই লাভ কৰিছো। সেই প্ৰতিবেদন পৰীক্ষা কৰি আৰু অন্যান্য তথ্যৰ ভিত্তিত মই পতিয়ন গৈছো, সংবিধান অনুসৰি তাত চৰকাৰ চলোৱা সম্ভৱ হৈ থকা নাই।‘’