গুৰুজনাৰ অমিয়া সৃষ্টিত মুখৰিত পশ্চিমবংগৰ আকাশ-বতাহ...

পশ্চিমবংগৰ জলপাইগুৰিৰ জলপেশত নামঘৰ স্থাপন! গুৰুজনাৰ অমিয়া সৃষ্টিত মুখৰিত বংগৰ আকাশ-বতাহ...

author-image
Asomiya Pratidin
New Update
গুৰুজনাৰ অমিয়া সৃষ্টিত মুখৰিত পশ্চিমবংগৰ আকাশ-বতাহ...

ডিজিটেল সংবাদ, ধুবুৰী: বৈষ্ণৱ আন্দোলনৰ অন্যতম এক সৃষ্টি হ'ল ঐতিহ্যমণ্ডিত মধুপুৰ সত্ৰ। এই ঐতিহ্যমণ্ডিত মধুপুৰ সত্ৰ সমিতিৰ উদ্যোগত পশ্চিম বংগৰ জলপাইগুৰি জিলাত আজি নামঘৰৰ আধাৰশিলা স্থাপন কৰা হয়। তদুপৰি মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ মহৎ আদৰ্শ আৰু অনুপম বৰ্ণিল সৃষ্টিৰাজিক বিশ্বমুখি কৰাৰ উদ্দেশ্যেৰে পাল নামো অনুষ্ঠিত কৰে সমিতিখনে।

Advertisment

মধুপুৰ সত্ৰ সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়ণে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি, পশ্চিম বংগৰ বিভিন্ন অঞ্চলত প্ৰতিদিনে গুৰুজনাৰ আদৰ্শত বিশ্বাসী লোকৰ সংখ্যা বৃদ্ধি পাইছে। আৰু এই সকল ভক্তপ্ৰাণ লোকে গুৰুজনৰ সত্ৰীয়া সংস্কৃতিৰ অমিয়া সৃষ্টি 'নামঘ'ৰ স্থাপন কৰি প্ৰতিদিনে নিষ্ঠা সহকাৰে গুৰু বন্দনাত ব্ৰতী হৈ আহিছে । এই ভক্তপ্রাণ লোক সকলক একত্ৰিত কৰাৰ বাবে মধুপুৰ সত্ৰৰ সভাপতি জীতেন্দ্ৰ নাথ প্ৰধানীয়ে বিভিন্ন কাৰ্য্যসূচী হাতত লৈ আহিছে । এই কাৰ্যসূচীৰ অংশ হিচাপে জলপাইগুৰিৰ জলপেশত আজি এটা নামঘৰৰ আধাৰশিলা স্থাপন কৰাৰ লগতে শোভাযাত্ৰা উলিয়াই পাল নাম অনুষ্ঠিত কৰে।

এই শোভাযাত্ৰা আৰু পালনামত পশ্চিম বংগৰ কেইবা সহস্ৰাধিক ভকত বৈষ্ণৱে অংশ গ্ৰহণ কৰি গুৰুজনাৰ অমিয়া সৃষ্টি বৰগীত, ভাগৱত পাঠৰ জৰিয়তে বংগৰ আকাশ-বতাহ অসমীয়া বৈষ্ণৱ সংস্কৃতিৰ ৰসেৰে জীপাল কৰি তোলে । যি সময়ত আমাৰ ৰাজ্যখনৰ এচাম লোক গুৰুজনাৰ মহান কৰ্মৰাজিক অধ্যয়ন কৰাৰ ক্ষেত্ৰত হোহোকা-পিছলা নীতি গ্ৰহণ কৰিছে; সেই সময়তেই গুৰুজনাই জীৱনৰ অন্তিম সময় অতিবাহিত কৰা অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ জনসাধাৰণে বৈষ্ণৱ সংস্কৃতি আৰু একশৰণ নাম ধৰ্মক সংৰক্ষণ আৰু প্ৰচাৰ কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা কৰ্মপন্থা অতি প্ৰশংসনীয় বিষয় হিচাপে বিবেচিত হৈছে ।

এই অনুষ্ঠানত মধুপুৰ সত্ৰ সমিতিৰ সভাপতি জীতেন্দ্ৰ নাথ প্ৰধানী, উপসভাপতি বনমালী পাঠক, সম্পাদক কেশৱ প্ৰধানী, উত্তৰ বংগৰ হৰিপুৰ সত্ৰৰ সত্ৰাধিকাৰ অখিল সুত্ৰধৰৰ লগতে জলপাইগুৰি অঞ্চলৰ বহু ভক্তই অংশগ্ৰহণ কৰে ।

Also Read: Festivals of Assam: অসমীয়াৰ জীৱন ৰঙীন কৰা উৎসৱসমূহ

west bengal