ত্ৰিপুৰাৰ ধলাই জিলাত ব্ৰাউন চুগাৰ জব্দ

যান-বাহন পৰীক্ষাৰ কৰি থকাৰ সময়তে গ্ৰেণ্ড ভিটাৰা আৰু আন এখন বলেৰো বাহনত লুকাই অনা ২৪৪টা সৰু পাত্ৰত অবৈধ সামগ্ৰীখিনি উদ্ধাৰ

author-image
Asomiya Pratidin
New Update
ত্ৰিপুৰাৰ ধলাই জিলাত ব্ৰাউন চুগাৰ জব্দ

ডিজিটেল সংবাদ ,বেকাজানঃ ত্ৰিপুৰা আৰক্ষীয়ে শনিবাৰে নিশা অভিযান চলাই ধলাই জিলাৰ অন্তৰ্গত কমলপুৰৰ পৰা প্ৰায় ৩ কোটি টকাৰ ব্ৰাউন চুগাৰ জব্দ কৰে। এই সন্দৰ্ভত আৰক্ষীয়ে ছেপাহিজালা জিলাৰ অন্তৰ্গত বিশালগড়ৰ দুপুৰীয়া গাঁৱৰ জাহিৰ মিয়া (৩৩) আৰু বক্সনগৰৰ মহাবুল আলম (৩৮) আৰু পিকলু ভৌমিক (৩৭) নামৰ গাড়ী চালকক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে ধলাই জিলাৰ অন্তৰ্গত কমলপুৰ মহকুমাৰ শ্ৰীৰামপুৰত যান-বাহন পৰীক্ষাৰ কৰি থকাৰ সময়তে গ্ৰেণ্ড ভিটাৰা আৰু আন এখন বলেৰো বাহনত লুকাই অনা ২৪৪টা সৰু পাত্ৰত অবৈধ সামগ্ৰীখিনি উদ্ধাৰ কৰে । আৰক্ষীয়ে জনোৱা অনুসৰি জব্দ কৰা ব্ৰাউন চুগাৰখিনিৰ পৰিমাণ ৩ কেজি ৬৯ গ্ৰাম আৰু ইয়াৰ বজাৰৰ মূল্য প্ৰায় ৩ কোটি টকা ।

Also Read: মঙলদৈ কেন্দ্ৰীয় জাতীয় বিদ্যালয়ত ব্যতিক্ৰমী কৰ্মশালা

police crime