তৃতীয়বাৰৰ বাবে অৰুণাচলৰ মুখ্যমন্ত্ৰীৰূপে শপত ল'ব পেমা খাণ্ডুই

তৃতীয়বাৰৰ বাবে অৰুণাচলৰ মুখ্যমন্ত্ৰীৰূপে শপত ল'ব পেমা খাণ্ডুই

author-image
Asomiya Pratidin
New Update
তৃতীয়বাৰৰ বাবে অৰুণাচলৰ মুখ্যমন্ত্ৰীৰূপে শপত ল'ব পেমা খাণ্ডুই

ডিজিটেল সংবাদ,ইটানগৰ : ক্ৰমাগত তৃতীয়বাৰৰ বাবে বৃহস্পতিবাৰে দিনৰ ১১-০০ বজাত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰূপে শপত ল'ব পেমা খাণ্ডুৱে। বুধবাৰে আবেলি অনুষ্ঠিত হোৱা বিজেপিৰ বিধায়িনী দলৰ বৈঠকত পেমা খাণ্ডুক সৰ্বসন্মতিক্ৰমে বিজেপি বিধায়িনী দলৰ নেতা নিৰ্বাচিত কৰা হয়।

Advertisment

৪৬ জন বিধায়কে তেঁওক হাত দাঙি সমৰ্থন জনায়। বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তৰুণ ছুঘ আৰু জ্যেষ্ঠ নেতা ৰবি শংকৰ প্ৰসাদ বিজেপিৰ বিধায়িনী দলৰ বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে।

এই বৈঠকৰ পাছতে বিজেপিৰ কেন্দ্ৰীয় সমিটিৰ পৰ্যবেক্ষক, মুখ্যমন্ত্ৰী পেমা খাণ্ডু , ৰাজ্যিক বিজেপিৰ সভাপতি বিউৰাম ৱাগে, কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু, সাংসদ টাপিৰ গাৱ, সাংসদ নাবাম ৰেবিয়া, উপ-মুখ্যমন্ত্ৰী চাওনা মেইন, বিজেপিৰ নিৰ্বাচনী পৰ্যবেক্ষক অসমৰ মন্ত্ৰী অশোক সিংঘাল আৰু কেইবাজনো নৱনিৰ্বাচিত বিধায়কে ৰাজ্যপাল কে টি পাৰনায়কক সাক্ষাৎ কৰে। আৰু বিধায়িনী দলৰ প্ৰস্তাৱ আৰু সমৰ্থনৰ তালিকা ৰাজ্যপালক প্ৰদান কৰে লগতে চৰকাৰ গঠনৰ দাবী উত্থাপন কৰে।

ৰাজ্যপালে সেই দাবী পত্ৰ স্বীকাৰ কৰে আৰু আজি দিনৰ ১১-০০ বজাত মুখ্যমন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰী পৰিষদক শপত বাক্য পাঠ কৰোৱাৰ সময় দিয়ে। আজিৰ এই শপত গ্ৰহণ অনুষ্ঠানত যোগ দিয়াৰ বাবে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাদ্দা, গৃহমন্ত্ৰী অমিত শ্বাহ নিশা বিমানযোগে উৰিষ্যাৰ পৰা আহি ইটানগৰত উপস্থিত হৈছেহি।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাদ চাংমা, নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ' শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব বুলি জানিব পৰা গৈছে। ৰাজভৱনত ৰাজ্যপালক সাক্ষাতৰ পাছতে মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে সাংবাদিকক সম্বোধন কৰি তেওঁক বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰাৰ কথা প্ৰকাশ কৰে আৰু ৰাজ্যবাসীক বিজেপি দলক চৰকাৰ গঠনৰ সুযোগ দিয়া বাবে ধন্যবাদ জনায়।

Also Read: চকীঘাটত চুইফট বাহনে মহতিয়াই নিলে দুটাকৈ গৰু

pema khandu itanagar arunachal