/asomiyapratidin/media/media_files/2025/04/23/olyluwnzK64HjdvVCcRu.jpg)
ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰৰ পেহেলগামত মঙলবাৰে সংঘটিত হোৱা সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হোৱা ২৬ গৰাকী পৰ্যটকৰ মাজত আছে এগৰাকী অৰুণাচলী ব্যক্তিও। পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হোৱা অৰুণাচল প্ৰদেশৰ এই ব্যক্তগৰাকীৰ নাম টাগে হাইল্যিয়াং।
জানিব পৰা মতে টাগে হাইল্যিয়াঙৰ ঘৰ ল’ৱাৰ সোৱণশিৰি জিলাৰ সদৰ জিৰ’ত। তেওঁ এগৰাকী বায়ুসেনা বাহিনীৰ এয়াৰমেন আছিল।তেওঁৰ মৃত্যুত অৰুণাচল প্ৰদেশতো শোকৰ ছাঁ পৰিছে। তেওঁৰ মৃত্যুত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খান্দু আৰু উপ-মুখ্যমন্ত্ৰী চাওনা মেইনে শোক প্ৰকাশ কৰিছে।
অৰুণাচল প্ৰদেশৰ ভাৰতীয় বায়ুসেনাৰ কৰ্মচাৰী কৰ্পৰেল টেগে হাইলিয়াং (৩০) পত্নীৰ সৈতে কাশ্মীৰলৈ ছুটীত আছিল। কালি পহলগামত থকা এই দম্পতীহালে উপত্যকাটোৱে দেখা আটাইতকৈ জঘন্য সন্ত্ৰাসবাদী আক্ৰমণৰ ভিতৰত এটাত সন্ত্ৰাসবাদীৰ এটা দলে গুলীচালনা কৰি কমেও ২৬ জন লোকৰ মৃত্যু হয়। মূলতঃ অৰুণাচল প্ৰদেশৰ জিৰ’ৰ তাজাং গাঁৱৰ তাগে হাইলিয়াঙক শ্ৰীনগৰত থকা ভাৰতীয় বায়ুসেনাৰ ঘাটিত নিযুক্তি দিয়া হৈছিল।
অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে কৰ্পৰেল হাইলিয়াঙৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। জানিব পপা মতে টাগে হাইলিয়াঙে পত্নীৰ সৈতে পেহলগাম ভ্ৰমণ কৰিছিল। তেওঁ শ্ৰীনগৰত থকা ভাৰতীয় বায়ুসেনাৰ ঘাটিত কৰ্মৰত আছিল।
অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে কৰ্পৰেল টেগে হাইলিয়াঙৰ মৃত্যুক শোক প্ৰকাশ কৰি কয়, ল'ৱাৰ সোৱণশিৰিৰ তাজাং গাঁৱৰ, অৰুণাচলৰ প্ৰদেশৰ সাহসী পুত্ৰ ভাৰতীয় বায়ুসেনাৰ কৰ্পৰেল টাগে হাইলিয়াঙৰ মৰ্মান্তিক ক্ষতিত ক্ষতিত গভীৰভাৱে দুখী। পেমা খাণ্ডুৱে আৰু কয়, তেওঁ সাহস আৰু সন্মানেৰে জাতিটোৰ সেৱা কৰিছিল, আৰু তেওঁৰ অকাল মৃত্যু কেৱল পৰিয়ালটোৰ বাবেই নহয় দেশৰ বাবেই এক ক্ষতি।