/asomiyapratidin/media/media_files/2024/11/18/O9SQwyrkF6MtTg2UoQWw.jpg)
ডিজিটেল ডেস্কঃ উত্তৰ পূৰ্বাঞ্চলৰ এসময়ৰ অন্যতম শক্তিশালী বিদ্ৰোহী গোট এন এছ চি এন (আই এম)পুনৰ ঘূৰি যাব হাবিলৈ। আকৌ আৰম্ভ কৰিব সশস্ত্ৰ বিদ্ৰোহ। শেহতীয়াকৈ সংগঠনটোৰ নেতা থুইংগালেং মুইভাই আকৌ সশস্ত্ৰ বিদ্ৰোহ আৰম্ভ কৰাৰ হুংকাৰ দিয়াৰ পিছতে কহিমা আৰু নতুন দিল্লীত এক প্ৰকাৰৰ হাহাকাৰ লাগিছে।
নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’ই পৰিস্থিতিৰ জটিলতা উপলব্ধি কৰি মন্ত্ৰীসভাৰ এটা দলৰ সৈতে নতুন দিল্লীলৈ ৰাওনা হৈছে। উল্লেখ্য যে, নাগালেণ্ডৰ বিদ্ৰোহী সংগঠন এন এছ চি এন (আই এম) যোৱা ২৭ বছৰ ধৰি যুদ্ধ বিৰতিত আছে। এই দীঘলীয়া সময়ত সংগঠনটোৱে কেৱল ছয় শতাধিক বৈঠকৰ বাহিৰে আন একো নোপাৱাৰ অভিযোগ কৰিছে। তেওঁলোকে কেন্দ্ৰীয় চৰকাৰে কেৱল আলোচনা কৰে, সমাধানৰ পথ নিবিচৰাৰ অভিযোগ তুলি এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
এনে পৰিস্থিতিত মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’ই অতি তৎপৰতা প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে। তেওঁ শনিবাৰে এই বিষয়ত গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক অনুষ্ঠিত কৰি তেওঁৰ নেতৃত্বত মন্ত্ৰীসভাৰ এটা দল নতুন দিল্লীলৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই মন্ত্ৰী গোটে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি এন এছ চি এন (আই এম)ৰ সৈতে পুনৰ আলোচনা কৰি বিষয়টো তাৎক্ষণিক সমাধানৰ দাবী জনোৱাৰ কথা।
উল্লেখ্য যোৱা ৫ নৱেম্বৰত বিদ্ৰোহী সংগঠনটোৰ নেতা মুইভাই পুনৰ সশস্ত্ৰ বিদ্ৰোহৰ হুংকাৰ দিছিল। যোৱা কিছু বছৰ ধৰি কেন্দ্ৰীয় চৰকাৰে এই সংগঠনটোৰ সৈতে চলাই নিয়া আলোচনা প্ৰক্ৰিয়াও স্থবিৰ হৈ আছে। ২০১৪ ত বিজেপি ক্ষমতালৈ অহাৰ পিছতে অতি ধুমধামেৰে ২০১৫ ৰ ৩ আগষ্টত দিল্লীত স্বাক্ষৰিত হৈছে নাগা ফ্ৰেমৱৰ্ক চুক্তি।
চুক্তি সম্পন্ন হোৱাৰ পাছতো নাগালেণ্ডৰ বাবে পৃথক পতাকা আৰু সংবিধানৰো দাবী উত্থাপন কৰি অহা এই সংগঠনটোক কেন্দ্ৰীয় চৰকাৰে বাৰে বাৰে এনে দাবী মানি নলয় বুলি স্পষ্ট কৰি দিয়াৰ বিষয়টোৱে সংগঠনটোক ক্ষোভিত কৰিছে। তাৰোপৰি ২০১৫ তে যি নাগা ফ্ৰেম ৱৰ্ক স্বাক্ষৰিত হ’ল সেই নাগা ফ্ৰেমৱৰ্ককো ভাৰত চৰকাৰে সন্মান নিদিয়াৰ অভিযোগ উত্থাপন কৰি ইয়াক কাৰ্যকৰী কৰাৰ ক্ষেত্ৰতো কেন্দ্ৰীয় চৰকাৰে অনিহা দেখুওৱাৰ অভিযোগ তুলিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us