২ হাজাৰ নেতা-বিষয়াৰ উপস্থিত ডিমাপুৰৰ কেম্প হেব্ৰনত NSCNIMৰ জৰুৰী নেচনেল এছেম্বলী…

২ হাজাৰ নেতা-বিষয়াৰ উপস্থিত ডিমাপুৰৰ কেম্প হেব্ৰনত NSCNIMৰ জৰুৰী নেচনেল এছেম্বলী…

author-image
asomiyapratidin
New Update
২ হাজাৰ নেতা-বিষয়াৰ উপস্থিত ডিমাপুৰৰ কেম্প হেব্ৰনত NSCNIMৰ জৰুৰী নেচনেল এছেম্বলী…

ডিজিটেল সংবাদ ৱাখাঃ নাগালিমৰ বাবে সুকীয়া পতাকা আৰু সংবিধানৰ বিষয়ক লৈ ভাৰত চৰকাৰৰ সৈতে এন এছ চি এন মুইভা গোটৰ শেহতীয়া দিল্লী আলোচনা ব্যৰ্থ হোৱা আৰু ২০১৫ চনৰ ৩ আগষ্টত স্বাক্ষৰিত ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টৰ ভুল ব্যাখ্যা কৰাক লৈ ডিমাপুৰৰ কেম্প হেব্ৰনৰ নগা আৰ্মিৰ চি এইছ কিউ ছাৰ্ছত মংগলবাৰে এন এছ চি এন (আই এম ) এক জৰুৰী নেচনেল এছেম্বলী অনুষ্ঠিত হয় ।

Advertisment

এন এছ চি এনৰ প্ৰায় দুহেজাৰ নেতা বিষয়াৰ উপস্থিত থকা আজিৰ এই জৰুৰী নেচনেল এছেম্বলী অৰ্থাৎ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বৰ্তমান চলি থকা ইণ্ডো -নাগা ৰাজনৈতিক সমস্যাৰ সমাধানৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ আৰু সিদ্ধান্ত গ্ৰহণ কৰা হয় । জানিব পৰামতে প্ৰায় ৬ ঘণ্টাজোৰা এন এছ চি এনৰ নেচনেল এছেম্বলীয়ে ভাৰত চৰকাৰৰ সৈতে চলি থকা বৰ্তমানৰ ৰাজনৈতিক আলোচনা চলাই নিয়াৰ সিদ্ধান্ত লোৱাৰ লগতে মূল দাবী সুকীয়া পতাকা আৰু সংবিধানৰ অবিহনে নগা ৰাজনৈতিক সমস্যা সমাধান সম্ভৱ নহয় বুলি প্ৰস্তাৱ গ্ৰহণ কৰিছে ।

এন এছ চি এনৰ সভাপতি কিউ টুচ্ছুৱে নেচনেল এছেম্বলীক সম্বোধন কৰি দিয়া ভাষণত কয়- নাগালিমৰ বাবে সুকীয়া পতাকা আৰু সংবিধানৰ অবিহনে নগা সমস্যাৰ সন্মানজনক সমাধানৰ অন্তিম ৰূপ দিব পৰা নাযায় । কিয়নো ই নগাসকলৰ ৰাজনৈতিক অঞ্চলক প্ৰতিনিধিত্ব কৰে । আমি নগা ৰাজনৈতিক সমস্যা সমাধানৰ নামত নগা পতাকা আৰু সংবিধানক কেনেকৈ হেৰুৱাম । সুকীয়া পতাকা আৰু সংবিধান আমাৰ ৰাজনৈতিক পৰিচয় ।

তেওঁ কয় যে, ভগৱানে নগাসকলক দিয়া অধিকাৰক ৰক্ষা কৰিবলৈ অন্তিমজন নগা ব্যক্তি পৰ্যন্ত থিয় হৈ থাকিব । কাৰণ নগাৰ স্বাধীনতাৰ বাবে হাজাৰ হাজাৰ লোকে আত্মবলিদান দিছে । সেয়ে নগা সমস্যাৰ সমাধানৰ দায়িত্ব এন এছ চি এনৰ কান্ধত । একাংশ ৰাজনৈতিক নেতাই ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টত সুকীয়া পতাকা ,সংবিধান আৰু নগাসকলৰ একত্ৰিতকৰণ বিষয়ে উল্লেখ নাই বুলি প্ৰচাৰ চলোৱাতো দুৰ্ভাগ্যজনক ।

সভাপতি কিউ টুচ্ছুৱে কয়- সুকীয়া পতাকা আৰু সংবিধান এৰি এন এছ চি এনে নগা সমস্যা সমাধানৰ বাবে সাজু নহয় । নগা সমস্যাৰ সমাধানৰ বল এতিয়া ভাৰত চৰকাৰৰ ক'ৰ্টত । কাৰণ এন এছ ছি এনে নগা ৰাজনৈতিক সমস্যাৰ সমাধানত ইতিমধ্যে নিজৰ স্থিতি স্পষ্ট কৰিছে ।

উল্লেখযোগ্য যে যোৱা ১৪ মে'ত এন এছ চি এনৰ সামুহিক নেতৃত্বত আৰু নগা শান্তি আলোচনাৰ মধ্যস্ততাকাৰী এ কে মিশ্ৰ মাজত নতুন দিল্লীত অনুষ্ঠিত বৈঠকত কোনোধৰণৰ ফলপ্ৰসূ অগ্ৰগতি লাভ নকৰাৰ পৰিপ্ৰেক্ষিতত এন এছ চি এনে কেন্দ্ৰৰ কোনো আলোচনা নকৰাৰ কথা ঘোষণা কৰিছিল । এন এছ চি এনৰ এনে সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত যোৱা শুকুৰবাৰে ছুমুকেডিমাত মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ৰ অধ্যক্ষতাত চৰকাৰ ক'ৰ কমিটি আৰু এন এছ চি এনৰ মাজত এখন গুৰুত্বপূৰ্ণ বৈঠকত অনুষ্ঠিত হৈছিল

ক্লিক কৰি পঢ়কঃঅলবিদা কে কে….