অলবিদা কে কে….

অলবিদা কে কে….

ডিজিটেল ডেস্কঃ সংগীতৰ মাজেৰেই হেৰাই গ'ল বলিউডৰ অন্যতম জনপ্ৰিয় কণ্ঠশিল্পী কে কে। কলকাতাৰ গুৰুদাস কলেজৰ এক সংগীতানুষ্ঠানত গীত পৰিৱেশন কৰি থকাৰ মাজতেই বাৰে বাৰে অসুস্থ হৈ পৰা কে কেক পৰিৱৰ্তি সময়ত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও তেওঁৰ মৃত্যু হোৱাৰ কথা হাস্পতাল কৰ্তৃপক্ষই প্ৰকাশ কৰে।

ইয়াৰ লগে লগে সমগ্ৰ দেশৰে সংগীত ক্ষেত্ৰখনত শোকৰ ছাঁ পৰিছে। সামাজিক মাধ্যমত কেকেৰ মৃত্যুৰ বাতৰিয়ে ধুমুহাৰ সৃষ্টি কৰিছে। কোনোৱেই মানি ল'ব পৰা নাই প্ৰিয় শিল্পীজনৰ মৃত্যুৰ বাতৰি। মাত্ৰ কেইটমান মুহূৰ্তৰ আগলৈকে হাজাৰ হাজাৰ দৰ্শকক নিজৰ সংগীতৰ মায়াজালেৰে মোহাছন্ন কৰি ৰখা কে কেৰ যে তেনেদৰে মৃত্যু হ'ব পাৰে সেই কথা আছিল কল্পনাৰো অতীত।

কে কেৰ সম্পূৰ্ণ নাম আছিল কৃষ্ণ কুমাৰ কুন্নাথ। মঙলবাৰে নিশা কলকাতাৰ প্ৰসিদ্ধ গুৰুদাস কলেজৰ এক অনুষ্ঠানত গীত পৰিৱেশন কৰি থকাৰ মাজে মাজে নিজৰ শাৰীৰিক অসুস্থতাৰ কথা বাৰে বাৰে প্ৰকাশ কৰিছিল। আনকি তেওঁৰ অসুবিধা হোৱাৰ বাবে নজৰুল মঞ্চৰ স্পট লাইট বন্ধ কৰিদিবলৈও তেওঁ অনুৰোধ জনাইছিল।

হিন্দীৰ উপৰিও দেশৰ বিভিন্ন আঞ্চলিক ভাষাত গীত পৰিৱেশ কৰা কে কেয়ে নজৰুল মঞ্চতো এটাৰ পিছত হিট গান পৰিৱেশন কৰিছিল। অসমীয়া ভাষাটো কে কেয়ে জনপ্ৰিয় গীত উপহাৰ দিছে। মাত্ৰ ৫৩ বছৰ বয়সতে মৃত্যুক সাৱটি লোৱা কে কেয়ে এইদৰে মৃত্যুক সাৱটি লোৱাৰ পিছত সমগ্ৰ বলিউডে শোক প্ৰকাশ কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in