/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/02/naxal_3697940_835x547-m.jpg)
প্ৰতীকি ফটো
ডিজিটেল সংবাদ,বেকাজানঃ মণিপুৰৰ ন’নী জিলাৰ ফ’ইবুট গাঁৱত দেওবাৰে এন এছ চি এন (আই এম)ৰ আৰু জেলিয়াংৰং ইউনাইটেড ফ্ৰণ্টৰ মাজত হোৱা সংঘৰ্ষত এজন কেডাৰ নিহত হোৱাৰ লগতে আন এজন আহত হয় । আৰক্ষীয়ে জনোৱা মতে, দেওবাৰে বিয়লি প্ৰায় ৩ বজাত ননে জিলাৰ টুপুল গাঁও আৰু মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ মাজত অৱস্থিত ফিবুট গাঁৱত আশ্ৰয় লৈ থকা জেলিয়াংৰং ইউনাইটেড ফ্ৰণ্টৰ কেডাৰক এন এছ এছ চি এনৰ কেডাৰে আক্ৰমণ কৰে ।
এই আক্ৰমণত জেড ইউ এফৰ এজন কেডাৰক গুলীয়াই নিহত কৰে । এই আক্ৰমণৰ পিছত দুয়োপক্ষৰ মাজত গুলীয়াগুলী হয় যদিও এন এছ চি এন (আই এম)ৰ ফালৰ পৰা হতাহতিৰ বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই। নিহত ZUF লোকজন মণিপুৰৰ মৰেহ জিলাৰ খোপুম গাঁৱৰ বাসিন্দা আছিল।
সংঘৰ্ষৰ খবৰ পোৱাৰ পিছতে নিৰাপত্তা বাহিনী আৰু মণিপুৰ আৰক্ষীয়ে ততাতোয়াকৈ সেই স্থানত উপস্থিত হয়। নিহত জুএফ কেডাৰৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আনজন আহতক ওচৰৰ স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয়। পিছত আৰক্ষী, নিৰাপত্তা বাহিনী, স্থানীয় চিভিঅ’ৰ নেতাসকলে এখন বৈঠক অনুষ্ঠিত কৰে। ইফালে কেন্দ্ৰীয় চৰকাৰৰ সৈতে শান্তি চুক্তিৰ অধীনত থকা এন এছ চি এন (আই এম)ৰ পক্ষৰ পৰা কোনো হতাহতৰ তথ্য পোৱা নাই।