নগা বিৰোধী মন্তব্যৰ বাবে বিপদত টেমজন ইমনা আংলং ! NSCN ৰ ৰোষত বিজেপি সভাপতিগৰাকী...

নগা বিৰোধী মন্তব্যৰ বাবে বিপদত টেমজন ইমনা আংলং ! NSCN ৰ ৰোষত বিজেপি সভাপতিগৰাকী...

author-image
Asomiya Pratidin
New Update
নগা বিৰোধী মন্তব্যৰ বাবে বিপদত টেমজন ইমনা আংলং ! NSCN ৰ ৰোষত বিজেপি সভাপতিগৰাকী...

নগা বিৰোধী মন্তব্যৰ বাবে বিপদত টেমজন ইমনা আংলং ! NSCN ৰ ৰোষত বিজেপি সভাপতিগৰাকী...

ডিজিটেল সংবাদ বেকাজানঃ নিজৰ কথা, কাম আৰু শাৰীৰিক অৱয়বৰ বাবে প্ৰায়ে চৰ্চাত থকা নাগালেণ্ডৰ বিজেপিৰ সভাপতি তথা উচ্চ শিক্ষা মন্ত্ৰী টেমজন ইমনা আলং নিৰ্বাচনৰ পূৰ্বে পৰিছে বিপদত। মন্ত্ৰীজনৰ বিৰুদ্ধে থিয় দিছে এন এছ চি এন।

Advertisment

নগা জাতিক ভাৰতীয় বুলি অভিহিত কৰাৰ বাবেই এইবাৰ নগা বিদ্ৰোহী সংগঠন এন এছ চি এনৰ ৰোষত পৰিছে নাগালেণ্ডৰ বিজেপিৰ সভাপতি টেমজন ইমনা আলং। আজি এন এছ চি এন /জিপিআৰ এনে আও অঞ্চলৰ চি এ অ' লুনাৱতি জামিৰে এই সন্দৰ্ভত জৰি কৰিছে এক নিৰ্দেশনা।

য'ত কোৱা হৈছে যে, নাগালেণ্ডৰ মোককচাঙ জিলাৰ আলংটাকি সমষ্টিৰ বিজেপি প্ৰাৰ্থী টেমজন ইমনা আলংঙ আৰ এছ এছ সদস্যই ২০২২ চনত, আষ্টাডাম ভাৰত চৰকাৰে নগা ইতিহাস অন্য বুলি স্বীকৃতি দিছিল। কিন্তু বিজেপি সভাপতি টেমজন ইমনা আলঙে ইতিহাস কোনোধৰণে অধ্যয়ন নকৰাকৈয়ে বিধানসভাত নগাসকল ভাৰতীয় বুলি মন্তব্য কৰিছে।

বিজেপি নেতাগৰাকী মন্তব্যৰ বাবে ৩০ নং আলংটাকি সমষ্টিৰ অন্তৰ্গত সকলো নগা গাওঁবাসীক ২০২৩ চনৰ নিৰ্বাচনত ভোট নিদিবলৈ আহবান জনাইছে এন এছ চি এন জি পি আৰ এনে । এন এছ চি এনৰ এই নিৰ্দেশনাই নাগালেণ্ড ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ।

ইফালে এন পি এফৰ নেতা কুঝোলুজো আজো নিয়েনুৱে মন জিলাৰ শ্বাংনিউ গাঁৱত এন পি এফৰ সমাৱেশত ভাষণ দি কয় যে, পাৰ্টি নিৰ্বিশেষে আৰু কৰ্তৃপক্ষক উপযুক্ত সন্মান জনাই , ৰাজহুৱাভাৱে এজন নিৰ্দিষ্ট প্ৰাৰ্থী তথা নেতাৰ বিৰুদ্ধে নিৰ্দেশনা জাৰি কৰাটো অসাংবিধানিক কাৰ্য । ই নগা ৰাজনৈতিক বিষয়তো নেতিবাচক প্ৰভাৱ পেলাব পাৰে ।

Also Read: ছয়মাইলত উৰণীয়া সেতুৰ ওপৰত কাঠৰ দলং কিয়?

নাগালেণ্ড টেমজন ইমনা আলং