মেঘালয়ত NDA নহয়, হ'ব MDA ৰ চৰকাৰ...

মেঘালয়ত NDA নহয়, হ'ব MDA ৰ চৰকাৰ...

author-image
Asomiya Pratidin
New Update
মেঘালয়ত NDA নহয়, হ'ব MDA ৰ চৰকাৰ...

মেঘালয়ত NDA নহয়, হ'ব MDA ৰ চৰকাৰ...

ডিজিটেল ডেস্কঃ মেঘালয় ৰাজনীতিত নতুন সমীকৰণ। এন ডি এ নহয়, মেঘালয়ত এইবাৰ হ'ব এম ডি এ চৰকাৰ। এই চৰকাৰৰ নেতৃত্ববহন কৰিব কনৰাড চাংমাৰ এন পি পিয়ে। এম ডি এ চৰকাৰৰ মুখ্যমন্ত্ৰী হ'ব কনৰাড চাংমা।

Advertisment

মেঘালয়ত চৰকাৰ গঠনৰ বাবে প্ৰয়োজন ৩১ জন বিধায়কৰ। কিন্তু সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত মেঘালয়ত কোনো এটা ৰাজনৈতিক দলেই সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম নহ'ল। যাৰ বাবে এতিয়া ৰাজ্যখনত চৰকাৰ গঠনৰ বাবে সৰ্বাধিক আসন দখল কৰা এন পি পিক লাগে অন্যান্য ৰাজনৈতিক দলৰ সমৰ্থন।

শেহতীয়াকৈ মেঘালয়ৰ ৰাজনীতিৰ পট পৰিৱৰ্তন হৈছে। কেইবাটাও ৰাজনৈতিক দল একত্ৰিত হৈ গঠন কৰিছে মেঘালয় ডেমক্ৰেটিক এলায়েন্স। এই এলায়েন্সৰ অধ্যক্ষ কনৰাড চাংমা। এই এলায়েন্সৰ ফলত মেঘালয় বিধানসভাত কনৰাড চাংমাৰ শক্তি ৪৫ লৈ বৃদ্ধি পালে।

এম ডি এৰ অংশীদাৰ হ'ব এন পি পি, ইউ ডি পি, এইছ এছ পি ডি পি আৰু বিজেপি। সেই অনুসৰি চৰকাৰত মুঠ ১২ জন কেবিনেট মন্ত্ৰীৰ ভিতৰত ৮ জন থাকিব এন পি পিৰ পৰা। ইউ ডি পিৰ পৰা থাকিব ২ জন। আনহাতে এইছ এছ পি ডি পি আৰু বিজেপিৰ পৰা আহিব এজনকৈ মন্ত্ৰী।

উল্লেখ্য যে, মেঘালয়ত যাতে কনৰাড চাংমাই চৰকাৰ গঠন কৰিব নোৱাৰে তাৰ বাবে বিৰোধীয়ে শেষ চেষ্টা চলাইছিল। তৃণমূল কংগ্ৰেছ, কংগ্ৰেছ একাধিক দলে এখন বৈঠকত মিলিত হৈ এক নতুন সমীকৰণ তৈয়াৰ কৰিছিল যদিও শেষত ব্যৰ্থ হয়।

ইফালে, হিল ষ্টেট পিপলছ ডেম'ক্ৰেটিক পাৰ্টিৰ দুজন নতুন সদস্যই এন পি পিৰ নেতৃত্বত চৰকাৰ গঠনৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ সন্মত হোৱাৰ বাতৰি প্ৰকাশ হোৱাৰ লগে লগে ৰাজ্যখনত প্ৰতিবাদ আৰম্ভ হয়। দলটোৰ একাংশ সদস্যই তেওঁলোকৰ পুত্তলিকা দাহ কৰিছে।

উত্তেজিত দলীয় কৰ্মীয়ে দলৰ কাৰ্যালয়ো ভাঙিছে। ইয়াৰ পিছতে দলটোৰ ফালৰ পৰা প্ৰকাশ কৰিছে যে, দুয়োজন বিধায়কৰ কাৰ্যকলাপৰ আঁৰত দলটোৰ কোনো সন্মতি নাই। তেওঁলোকে এন পি পিৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিছে।

Also Read: পুনৰ ১৪ দিনলৈ ন্যায়িক জিম্মালৈ প্ৰেৰণ মনিষ চিছোদিয়াক...

মেঘালয় কনৰাড চাংমা