/asomiyapratidin/media/media_files/2025/01/22/4SX7AJnQiQuPUwB36jZ8.jpg)
ডিজিটেল ডেস্কঃ এন ডি এৰ মিত্ৰজোঁটৰ পৰা বিহাৰৰ জনতা দল (ইউনাইটেড)-এ যিকোনো মুহূৰ্ততে সমৰ্থন প্ৰত্যাহাৰ কৰিব পাৰে বুলি চলি থকা চৰ্চাৰ মাজতে আহিছে এক ডাঙৰ খবৰ। বিজেপিৰে সৈতে মিত্ৰতা ভংগ কৰিলে জে ডি ইউয়ে।
জে ডি ইউ আৰু বিজেপিৰ মাজত মিত্ৰতা ভংগ হোৱাৰ কাৰণ মণিপুৰৰ বৰ্তমানৰ পৰিস্থিতি। অৱশ্যে গেৰুৱা দলটোৰে জে ডি ইউৰ এই মিত্ৰতা কেন্দ্ৰত ভংগ হোৱা নাই। মণিপুৰতহে ভংগ হৈছে দল দুটাৰ মাজৰ মিত্ৰতা।
এতিয়াৰে পৰা বেজেপি শাসিক মণিপুৰ বিধানসভাত দলটোৰে নাথাকিব জে ডি ইউৰ মিত্ৰতা। দলটোৰ একমাত্ৰ বিধায়কজন বহিব বিৰোধীৰ আসনত। অৱশ্যে জে ডি ইউৱে মণিপুৰত বিজেপিৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিলেও বিজেপি চৰকাৰৰ কোনো ক্ষতি নহয়।
মন কৰিবলগীয়া যে, ইয়াৰ পূৰ্বে কনৰাড চাংমা নেতৃত্বাধীন এন পি পিয়ে মণিপুৰত বিজেপি চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিছিল। ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ লগতে সামগ্ৰিকভাৱে মুখ্যমন্ত্ৰী এন বীৰেন সিং ব্যৰ্থ হোৱাৰ অভিযোগেৰে দলটোৱে সমৰ্থন প্ৰত্যাহাৰ কৰিছিল।
২০২২ ৰ নিৰ্বাচনত মণিপুৰ বিধানসভাত জে ডি ইউয়ে মুঠ ৬ খন আসন দখল কৰিবলৈ সক্ষম হৈছিল। ইয়াৰে ৫ জন বিধায়কে দল ত্যাগ কৰে। ফলত বিজেপিৰ শক্তি বৃদ্ধি হয়।
বৰ্তমান ৬০ জনীয়া মণিপুৰ বিধানসভাত বিজেপিৰ মুঠ শক্তি ৩৭। নাগা পিপলছ ফ্ৰণ্টৰ ৫ জন আৰু ৩ জন নিৰ্দলীয় বিধায়কো আছে চৰকাৰৰ সমৰ্থনত। সেয়ে জে ডি ইউৰ এজন বিধায়কে সমৰ্থন প্ৰত্যাহাৰ কৰিলেও চৰকাৰৰ কোনো ক্ষতি নহয়।
চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰৰ বিষয়ে মণিপুৰৰ জে ডি ইউৰ ৰাজ্যিক সভাপতি ক্ষেত্ৰীয়মায়ুন বীৰেন সিঙে ৰাজ্যপাল অজয় কুমাৰ ভল্লাক অৱগত কৰিছে। এক পত্ৰৰ জৰিয়তে তেওঁ ৰাজ্যপালক এই বিষয়ে অৱগত কৰিছে।
তেওঁ পত্ৰখনত জে ডি ইউৰ ৫ জন বিধায়কে দল ত্যাগ কৰাৰ কথাও উল্লেখ কৰিছে। এই বিধায়ক কেইজনৰ বিধায়ক পদৰ খাৰিজৰ আবেদন এতিয়াও সংবিধানৰ দশম অনুসূচীৰ অধীনত বিচাৰাধীন হৈ আছে।
তেওঁ লগতে কয়, মণিপুৰৰ জে ডি ইউ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ অংশীদাৰ হৈছে। সেয়ে তেওঁলোকৰ বিধায়ক মহম্মদ আব্দুল নাছিৰে চৰকাৰৰ প্ৰতি থকা সমৰ্থন প্ৰত্যাহাৰ কৰিছে আৰু তেওঁৰ বাবে বিধানসভাৰ অধিবেশনত বিৰোধীৰ ফালে আসনৰ ব্যৱস্থা কৰিব লাগে বুলিও জনাইছে।