নাগালেণ্ডলৈ ৩ দিনীয়া ভ্ৰমণসূচীৰে কেন্দ্ৰীয়মন্ত্ৰী নিৰ্মলা সীতাৰমণ…

নাগালেণ্ডলৈ ৩ দিনীয়া ভ্ৰমণসূচীৰে কেন্দ্ৰীয়মন্ত্ৰী নিৰ্মলা সীতাৰমণ…

author-image
asomiyapratidin
New Update
নাগালেণ্ডলৈ ৩ দিনীয়া ভ্ৰমণসূচীৰে কেন্দ্ৰীয়মন্ত্ৰী নিৰ্মলা সীতাৰমণ…

ডিজিটেল ডেস্কঃ সোমবাৰে তিনিদিনীয়া ভ্ৰমণৰ বাবে নাগালেণ্ডলৈ আহিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ একাধিক কাৰ্যসূচীত অংশগ্ৰণ কৰাৰ কথা।

অন্যহাতে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ৰ উপস্থিতিত সীতাৰমণে সোমবাৰে আবেলি ৪ বজাত নাগালেণ্ড বেপ্টিষ্ট চাৰ্চ কাউন্সিল কনভেনচন চেণ্টাৰত চিএছআৰ আৰু বিনিয়োগ অনুষ্ঠান উদ্বোধন কৰিব।

উল্লেখ্য যে বিত্তমন্ত্ৰী গৰাকী দিল্লীলৈ ৰাওনা হোৱাৰ পূৰ্বে চুমুকেদিমাত নাগালেণ্ডৰ ব্যৱসায়িক সম্প্ৰদায়ৰ সৈতে এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হ'ব।

তদুপৰি বিনিয়োগকাৰী সকলক আকৰ্ষিত কৰিবলৈ ৪০০ ৰো অধিক প্ৰকল্পৰ প্ৰস্তাৱ দিব যাৰ ভিতৰত স্বাস্থ্য,শিক্ষা খণ্ডৰ লগত জড়িতই প্ৰধান বুলি চৰকাৰী সূত্ৰত প্ৰকাশ।

nirmala noeth east