বিপ্লৱ কুমাৰ দেৱক আঁতৰাই ত্ৰিপুৰা বিজেপিৰ নতুন সভাপতি…

বিপ্লৱ কুমাৰ দেৱক আঁতৰাই ত্ৰিপুৰা বিজেপিৰ নতুন সভাপতি…

author-image
asomiyapratidin
New Update
বিপ্লৱ কুমাৰ দেৱক আঁতৰাই ত্ৰিপুৰা বিজেপিৰ নতুন সভাপতি…

ডিজিটেল ডেস্কঃ সন্মুখত বিধানসভা নিৰ্বাচন। ইফালে ত্ৰিপুৰাত ভাৰতীয় জনতা পাৰ্টীৰ ভেটি যাঁও যাঁও, তাৰমাজতে হঠাৎ সলনি ত্ৰিপুৰাৰ ৰাজ্যিক সভাপতি। ৰাজ্যিক বিজেপিৰ সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱক অপসাৰণ কৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ নিযুক্তি মৰ্মে ত্ৰিপুৰা বিজেপিৰ নতুন সভাপতিৰ দায়িত্ব অৰ্পণ ৰাজীৱ ভট্টাচাৰ্যক। কৰ্তন কৰিলে বিপ্লৱ কুমাৰ দেৱৰ ক্ষমতা।

উল্লেখ্য যে মঙ্গলবাৰে গুৱাহাটীত অনুষ্ঠিত হৈছিল ত্ৰিপুৰা ৰাজনীতিৰ গুৰুত্বপূৰ্ণ বৈঠক। বি এল সন্তোষ, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত এই সিদ্ধান্ত গ্ৰহণ কৰিছে দলৰ হাইকামাণ্ডে।

অন্যহাতে উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰৰ পঞ্চায়তীৰাজ মন্ত্ৰী  ভূপেন্দ্ৰ চৌধুৰীক উত্তৰ প্ৰদেশ বিজেপিৰ ৰাজ্যিক সভাপতি হিচাপে দায়িত্ব দিছে।

আৰু পঢ়কঃ একেলগে পঢ়া, বৰ বেয়া দশাঃ পাবনে এবাৰ মুখ্যমন্ত্ৰীক দেখা !

rajeeb bhattacharya biplabkrdeb tripura bjp