নাগালেণ্ডত আৱিষ্কাৰ নতুন প্ৰজাতিৰ পুঠী মাছ

author-image
Asomiya Pratidin
New Update
নাগালেণ্ডত আৱিষ্কাৰ নতুন প্ৰজাতিৰ পুঠী মাছ

ডিজিটেল সংবাদ, ৱাখা : নাগালেণ্ডৰ মোককচাঙৰ জিলাৰ দিখু নদীত আৱিষ্কাৰ হৈছে এবিধ নতুন প্ৰজাতিৰ পুঠী মাছ । মোককচাঙৰ গৱেষক দলটোৱে আৱিষ্কাৰ কৰা মাছ বিধৰ নাম নাগালেণ্ডৰ দিখু নদীৰ নামেৰে পেথিয়া দিখুৱেন্সিছ নামাকৰণ কৰা হৈছে। নাগালেণ্ডৰ মোককচাঙৰ ফজল আলী মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ অধ্যাপক লিমাকুম পৃষ্ঠপোষকতা দিখু নদী ওপৰত চলোৱা অধ্যয়ন পাছতে এই নতুন প্ৰজাতিৰ পুঠী মাছবিধৰ আৱিষ্কাৰ কৰা হয়। নাগালেণ্ড আৱিষ্কৃত মাছ বিধৰ বিষয়ে আন্তঃৰাষ্ট্ৰীয় আলোচনী—জুটাক্সাতো প্ৰকাশ পাইছে।

Advertisment

নতুন কৈ আৱিষ্কাৰ কৰা পুঠী মাছৰ ৰং কিছু ৰঙছোৱা আৰু ফিছাৰ ফালে এটা ক'লা তিল আছে । ২০২০ চনৰ পৰা মাছৰ প্ৰজাতিৰ ওপৰত গৱেষণা কৰি থকা মোককচাঙৰ ফজল আলী মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ অধ্যাপক লিমাকুমে তেওঁৰ সহযোগী বিজ্ঞানী জে প্ৰবীনৰাজৰ সৈতে আইচিএআৰ- চেন্ট্ৰেল আইলেণ্ড এগ্ৰিকালচাৰেল ৰিচাৰ্চ ইনষ্টিটিউট, প’ৰ্ট ব্লেয়াৰৰ মীন বিজ্ঞান বিভাগত এই অধ্যয়ন চলাইছিল। স্মৰ্তব্য যে ২০২১ চনৰ ডিচেম্বৰ মাহত নাগালেণ্ড মিলক নদীত লিমাকুমে আৰু গৱেষক দলে ‘ছ্যুড’লাগুভিয়া ভেস্পা’ নামৰ এটা বামন কেটফিছ আৱিষ্কাৰ কৰিছিল।

nagaland biology