নাগালেণ্ডৰ মুখ্যমন্ত্ৰী পদৰ পৰা নেইফিউ ৰিঅ'ৰ পদত্যাগ

পৰৱৰ্তী চৰকাৰ গঠনৰ বাবে ৰাজ্যপাল লা গনেশন সম্ভৱত দুই এদিনৰ ভিতৰতে নেইফিউ ৰিঅ'ক আমন্ত্ৰণ জনোৱাৰ সম্ভাৱনা আছে
নাগালেণ্ডৰ মুখ্যমন্ত্ৰী পদৰ পৰা নেইফিউ ৰিঅ'ৰ পদত্যাগ

ডিজিটেল সংবাদ, বেকাজান : ত্ৰয়োদশ নাগালেণ্ড বিধানসভাৰ কাৰ্যকাল অন্ত পৰা লগে লগে শনিবাৰে মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ৱে দুপৰীয়া ৰাজভৱনলৈ গৈ ৰাজ্যপাল লা গনেশন ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে । ৰাজ্যপালে ৰিঅ'ৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰে ।

উল্লেখযোগ্য যে ২ মাৰ্চত চতুৰ্থ নাগালেণ্ড বিধানসভাৰ ফলাফল ঘোষণা কৰা পিছত নতুন চৰকাৰ গঠন কৰিবলৈ এন ডি পি পি আৰু বি জে পিয়ে সংখ্যা গৰিষ্ঠতা লাভ কৰে। ইয়াৰ পাছতে কালি ক'হিমাত এন ডি পি পিৰ বিধায়িনী দলৰ বৈঠকত নেইফিউ ৰিঅ'ক পুনৰ দলৰ নেতা নিৰ্বাচন কৰে ।

পৰৱৰ্তী চৰকাৰ গঠনৰ বাবে ৰাজ্যপাল লা গনেশন সম্ভৱত দুই এদিনৰ ভিতৰতে নেইফিউ ৰিঅ'ক আমন্ত্ৰণ জনোৱাৰ সম্ভাৱনা আছে ।

নাগালেণ্ডৰ মুখ্যমন্ত্ৰী পদৰ পৰা নেইফিউ ৰিঅ'ৰ পদত্যাগ
আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে WIPS ৰ মহিলাৰ উদ্ভাৱনীমূলক প্ৰদৰ্শনী মেলা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in