/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/a82fabc2-a887-46ba-a40e-85d6d35556a4/modi.jpg)
ডিজিটেল সংবাদ, অৰুণাচল : দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অৰুণাচল প্ৰদেশৰ প্ৰথমটি বিমান বন্দৰ ড'নিপ'ল' মুকলি কৰিবলৈ শনিবাৰে পুৱা উপস্থিত হয় ৰাজ্যখনত । প্ৰধান মন্ত্ৰী গৰাকীয়ে ৰাজ্যখনত অনুষ্ঠিত এক জনসভাত ৰাইজক উদ্দেশ্যি কৰে বহু কেইটা প্ৰতিশ্ৰুতি । কেৱল বিমান বন্দৰটিয়েই নহয় বৰং পশ্চিম কামেং জিলাৰ ভালুকপুঙৰ সমীপৰ কামেং জলবিদ্যুৎ প্ৰকল্পটিৰো শুভ উদ্বোধনী কৰাৰ কথা উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ।
ইটানগৰৰ সমীপৰ হল'ঙগীত বিমান বন্দৰটিৰ উদ্বোধনৰ পাছতেই জনসভাত অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰে প্ৰধান মন্ত্ৰী গৰাকীয়ে। প্ৰধান মন্ত্ৰীয়ে তেওঁৰ বিশেষ বিমান এয়াৰ ইণ্ডিয়া ৱানেৰে অৱতৰণ কৰে ড'নিপ'ল' বিমানবন্দৰত। মুখ্যমন্ত্ৰী পেমা খান্দু, কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজু, উপ মুখ্যমন্ত্ৰী চাওনা মেইন আদিৰ উপস্থিতিত প্ৰধানমন্ত্ৰী মোডীয়ে দেশবাসীক উপহাৰ দিয়ে বিমান বন্দৰটো।
প্ৰায় ৬০০ কোটি টকা ব্যয় সাপেক্ষে মাত্ৰ তিনি বছৰতে সম্পূৰ্ণ কৰা হৈছিল বিমান বন্দৰটিৰ প্ৰাৰম্ভিক নিৰ্মাণ কাৰ্য। অৱশ্যে বিমান বন্দৰটোৰ ভিতৰৰ বহু কাম এতিয়াও সম্পূৰ্ণ হোৱা নাই।
আজিৰ এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৱেষ্ট কামেং জিলাৰ ভালুকপুঙৰ সমীপত NEEPCO য়ে নিৰ্মাণ কৰা ৬০০ মেগাৱাট ক্ষমতা সম্পন্ন কামেং জলবিদ্যুৎ প্ৰকল্পটোৰ ভাৰ্ছুৱেলী শুভ উদ্ধোধন কৰে । ৮৪৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই কামেং জলবিদ্যুৎ প্ৰকল্পটোৰ পৰা ২০২০ বৰ্ষৰ পৰাই বিদ্যুৎ উৎপাদন কৰি থকা হৈছে যদিও কেন্দ্ৰীয় শক্তি মন্ত্ৰালয়ে প্ৰধান মন্ত্ৰী গৰাকীৰ হাতেৰে এই প্ৰকল্পটো উদ্ধোধন কৰিবলৈ বদ্ধপৰিকৰ হৈ থকাৰ বাবেই নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ দুবছৰৰ পাছতো প্ৰকল্পটো আজিলৈকে উদ্ধোধন কৰা হোৱা নাছিল।
আৰু পঢ়ক : ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ ৰাজ্যপাল জগদীশ মুখীৰ