অৱশেষত ১২১ বছৰ বয়সত নিয়তিৰ ওচৰত হাৰ মানিলে...

মৃত্যুৰ সময়ত পুপিৰেই ১৮ গৰাকী নাতি, ৫৬ গৰাকী পুনাতি আৰু ১২ গৰাকী কন্যা এৰি থৈ যায়

author-image
Asomiya Pratidin
New Update
অৱশেষত ১২১ বছৰ বয়সত নিয়তিৰ ওচৰত হাৰ মানিলে...

ডিজিটেল সংবাদ, বেকাজানঃ নাগালেণ্ডৰ আটাইতকৈ বয়সস্থ মহিলাগৰাকীৰ মৃত্যু। বুধবাৰে সন্ধিয়া প্ৰায় ৭ বজাত পুপিৰেই ফুখাৰ নামৰ মহিলাগৰাকীৰ মৃত্যু হয়।

Advertisment

ক'হিমা জিলাৰ কিগৱেমা গাঁৱৰ নিজা বাসগৃহত পুপিৰেই ফুখাৰে ১২১ বয়সত জীৱন নাটৰ যৱনিকা পেলায়। উল্লেখ্য যে নাগালেণ্ডৰ আটাইতকৈ বয়সীয়াল নাগৰিক বুলি স্বীকৃত ১২১ বছৰীয়া মহিলা গৰাকীয়ে আশীৰ দশকত অন্ধ হৈ পৰিছিল।

মৃত্যুৰ সময়ত পুপিৰেই ১৮ গৰাকী নাতি, ৫৬ গৰাকী পুনাতি আৰু ১২ গৰাকী কন্যা এৰি থৈ যায়।

Also Read: বাঙালী ফেডাৰেচন অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ কাৰ্যালয় উদ্বোধন

oldest woman