নাগালেণ্ডত অভিলেখ সংখ্যক ৭৩ শতাংশ ভোটদান, শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ সম্পন্ন

নাগালেণ্ডত অভিলেখ সংখ্যক ৭৩ শতাংশ ভোটদান, শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ সম্পন্ন

author-image
asomiyapratidin
New Update
নাগালেণ্ডত অভিলেখ সংখ্যক ৭৩ শতাংশ ভোটদান, শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ সম্পন্ন

ডিজিটেল সংবাদ, ৱাখাঃ বৃহস্পতিবাৰে নাগালেণ্ডৰ একমাত্ৰ লোকসভা আসন আৰু মোককচাঙ জিলাৰ আওলেংডেন বিধানসভা সমষ্টিৰ বাবে অনুষ্ঠিত উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ শান্তিপূৰ্ণ আৰু সুকলমে সম্পন্ন হয়। পাহাৰীয়া ৰাজ্য নাগালেণ্ডত প্ৰায় ৭৩ শতাংশ ভোটদান হয়। উল্লেখযোগ্য যে, লোকসভাৰ একমাত্ৰ আসনৰ বাবে নাগালেণ্ডৰ ১২খন জিলাৰ ২২২৭ টা ভোটগ্ৰহণ কেন্দ্ৰত পুৱা ৭ বজাৰ পৰা আৰম্ভ হয় আৰু বিয়লি ৪ বজাত অন্ত পৰে।

ইয়াৰে কম ভোট থকা ভোটকেন্দ্ৰ বিলাকত দুপৰীয়া ১ বজাতে ভোটদান সমাপ্ত হয়। এইবাৰ লোকসভাৰ নিৰ্বাচনৰ নাগালেণ্ডৰ একমাত্ৰ আসনখনৰ বাবে ৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। তেওঁলোক হ'ল কংগ্ৰেছ আৰু নাগা পিপলছ ফ্ৰণ্টৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী কে এল চিচি, এন ডি পি পি আৰু বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী টখেহু য়েপথমি, এন পি পিৰ হায়থুংগ তুংগে আৰু নিৰ্দলীয় ড০ এম এম থ্ৰংমৱা কন্যাক।

আনহাতে মোককচাঙ জিলাৰ আওলেংডেন বিধানসভা আসনখনৰ বাবে অনুষ্ঠিত উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ সুকলমে অনুষ্ঠিত হৈ যায়। এই আওলেংডেন সমষ্টিৰ উপ-নিৰ্বাচনত প্ৰায় ৮৩ শতাংশ অভিলেখ সংখ্যক ভোটদান হয়। সমষ্টিটোত ১৬ ভোটগ্ৰহণ কেন্দ্ৰত ১২,৪৮২ গৰাকী ভোটাৰে দুগৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব।

আজি অনুষ্ঠিত এই উপ-নিৰ্বাচনত এন ডি পি পি প্ৰাৰ্থী ছাৰিনগাইন লংকুমাৰ আৰু কংগ্ৰেছৰ অলেম জনংছিৰ মাজত পোনপটীয়া যুঁজ হৈছে। উল্লেখযোগ্য যে, এইবাৰ নাগালেণ্ডৰ নিৰ্বাচনত ফ্লাইং স্কোৱাডে প্ৰায় ৩৮৫ কোটি টকাৰ মাদক দ্ৰব্য অভিযান চলাই জব্দ কৰে। ইয়াৰে ভিতৰত ৬৫,৪০০ লিটাৰ অবৈধ সুৰা আছে।