উত্তৰ-পূৱত দখল! ক্ষমতাৰ বাঘজৰী ধৰাৰ সকলো চেষ্টা বিজেপিৰ, মানি ল'লে চৰ্ত...

মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰাত চলি থকা ভোটগণনা কিছু সময় পাছতেই অন্ত পৰিব। ইতিমধ্যে স্পষ্ট হৈছে ছবি।

author-image
Asomiya Pratidin
New Update
উত্তৰ-পূৱত দখল!  ক্ষমতাৰ বাঘজৰী ধৰাৰ সকলো চেষ্টা বিজেপিৰ, মানি ল'লে চৰ্ত...

ডিজিটেল ডেস্ক: মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰাত চলি থকা ভোটগণনা কিছু সময় পাছতেই অন্ত পৰিব। ইতিমধ্যে স্পষ্ট হৈছে ছবি। বিজেপিয়ে মিত্ৰশক্তিৰ সৈতে মিলি ত্ৰিপুৰা আৰু নাগালেণ্ডত চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে। আনহাতে মেঘালয়তো ইয়াৰ ব্যতিক্ৰম নহয়।

Advertisment

ত্ৰিপুৰাৰ ৬০ খন আসনৰ ভিতৰত ৩৪ খন আসনত বিজেপি আৰু সহযোগী আইপিএফটি (ত্ৰিপুৰাৰ ইণ্ডিজেনাছ প্ৰগ্ৰেছিভ ফ্ৰণ্ট) আগবাঢ়ি আছে। কিন্তু এই ফলাফল ২০১৮ চনৰ ফলাফলতকৈ হ্ৰাস পাইছে। কিয়নো ২০১৮ ত বিজেপয়ে অকলে ৩৬ খন আসনত জয় লাভ কৰিছিল।

আনহাতে ৰাজ্যখনত বিজেপিয়ে তিপ্ৰামথাৰ সৈতে মিত্ৰতা স্থাপন কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। বিজেপিয়ে তিপ্ৰা মথাৰ গ্ৰেটাৰ তিপ্ৰালেণ্ডৰ দাবীৰ বাহিৰে সকলো দাবী মানি লোৱাৰ কথা প্ৰকাশ কৰিছে।

মেঘালয়ত কনৰাড চাংমাৰ নেছনেল পিপলছ পাৰ্টিয়ে ৬০ খন আসনৰ ভিতৰত ২৬ খনত আগবাঢ়ি আছে। শাসকীয় দলৰ সৈতে মিত্ৰতা থকা এনপিপি এইবাৰ এককভাৱে প্ৰতিদ্বন্দিতা কৰিছিল। সংখ্যা গৰিষ্ঠতা গঠন কৰিবলৈ এনপিপিক আৰপ ৫ খন আসনৰ প্ৰয়োজন।

মেঘালয়ত বিজেপিয়ে এই পৰ্যন্ত ৫ খন আসনত আগবাঢ়ি আছে। গতিকে মেঘালয়তো বিজেপি-এনপিপি চৰকাৰ গঠন হোৱাৰ সম্ভাৱণা আছে। নিৰ্বাচনৰ পূৰ্বে মেঘালয়ৰ মুখ্যমন্ত্ৰী গৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাত সাক্ষাত কৰা ঘটনাই এক বিশেষ ইংগিত দিয়ে।

আনহাতে নাগালেণ্ডত বিজেপি আৰু এনডিপিপি (নেচনেলিষ্ট ডেমক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টি) ৩৮ খন আসনত আগবাঢ়ি আছে। পূৰ্বৰ নিৰ্বাচনৰ তুলনাত এইবাৰ আসনৰ সংখ্যা অধিক দেখা যায়।

বৰ্তমানো অব্যাহত আছে ভোটগণনা। কিছু সময় পাছতেই ওলাই পৰিব চূড়ান্ত ফলাফল। তাৰ পাছতহে সকলো সম্পূৰ্ণ স্পষ্ট হৈ পৰিব।

Also Read: নাগালেণ্ডে ৰচিলে ইতিহাস! ক্ষমতা দখলৰ পিনে এনডিপিপি-বিজেপি মিত্ৰজোঁট

bjp meghalaya tripura nagaland