ভাণ্ডাৰী সমষ্টিৰ বাঘটি ভোটগ্ৰহণ কেন্দ্ৰত প্ৰৱেশত বাধা বিজেপি সমৰ্থকক

নাগালেণ্ডৰ ৪০ নং ভণ্ডাৰী সমষ্টিৰ অন্তৰ্গত বাঘটি টাউন ভোটগ্ৰহণ কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

author-image
Asomiya Pratidin
New Update
ভাণ্ডাৰী সমষ্টিৰ বাঘটি ভোটগ্ৰহণ কেন্দ্ৰত  প্ৰৱেশত বাধা বিজেপি সমৰ্থকক

ডিজিটেল সংবাদ ,বেকাজানঃ নাগালেণ্ডৰ ৪০ নং ভণ্ডাৰী সমষ্টিৰ অন্তৰ্গত বাঘটি টাউন ভোটগ্ৰহণ কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি । পুৱা ভোটগ্ৰহণ কেন্দ্ৰত ভোট দিবলৈ উপস্থিত হোৱাৰ পাছতে নাগালেণ্ড পিপলছ ফ্ৰণ্টৰ সমৰ্থসকলে বিজেপি সমৰ্থকসকলক ভোটগ্ৰহণ কেন্দ্ৰটোত প্ৰবেশ কৰিবলৈ বাধা প্ৰদান কৰে । ফলত কেন্দ্ৰটোত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় ।

পৰিস্থিতি অধিক বেয়া ফাললৈ গতি কৰাত ততাতৈয়াকৈ আছাম ৰাইফলছৰ জোৱান মোতায়েন কৰা হয় । ইয়াৰ পিছত ছেক্টৰ বিষয়া উপস্থিত পৰিস্থিতি বুজ লয় । ইফালে নাগালেণ্ড পিপলছ সমৰ্থকসকলে বৰ্তমানলৈকে কোনে লোককে ভোটগ্ৰহণ কেন্দ্ৰটো সম্পূৰ্ণ গেটৰ সন্মুখভাগ অৱৰোধ কৰি ৰাখিছে। একাংশ এন পি এফৰ সমৰ্থকে চিঞৰি চিঞৰি বিজেপি গ' বেক ধবনি দি পৰিস্থিতি উত্তপ্ত কৰি ৰাখিছে ।

Also Read: এটা কম্পিউটাৰ, ডিলিট কৰা ফাইলে চিবিআইৰ জালত পেলালে মনিষ ছিচ'দিয়াক

nagaland election