চতুৰ্দশ নাগালেণ্ড বিধানসভাৰ প্ৰটেম অধ্যক্ষ হিচাপে মহাথুং য়ানথাক নিযুক্তি

শুকুৰবাৰে নৱ গঠিত চতুৰ্দশ নাগালেণ্ড বিধানসভাৰ প্ৰটেম অধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰে এন ডি পি পি দলৰ মহাথুং য়ানথানে।

author-image
Asomiya Pratidin
New Update
চতুৰ্দশ নাগালেণ্ড বিধানসভাৰ প্ৰটেম অধ্যক্ষ হিচাপে  মহাথুং য়ানথাক নিযুক্তি

ডিজিটেল সংবাদ,বেকাজানঃ, শুকুৰবাৰে নৱ গঠিত চতুৰ্দশ নাগালেণ্ড বিধানসভাৰ প্ৰটেম অধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰে এন ডি পি পি দলৰ মহাথুং য়ানথানে। নাগালেণ্ডৰ ৰাজ্যপাল লা গণেশনে ৰাজভৱন ক'হিমাৰ ৰাজ্যপালৰ কাৰ্যালয় কক্ষত য়ানথানক পদৰ শপত গ্ৰহণ কৰোৱায় ।

Advertisment

শপতগ্ৰহণৰ সময়ত নাগালেণ্ডৰ মুখ্য সচিব জে আলম, ডিজিপি ৰূপিন শৰ্মা, গৃহ আয়ুক্ত অভিজিৎ সিনহাকে ধৰি অন্যান্য বিষয়াসকল উপস্থিত থাকে। যোৱা ৭ মাৰ্চত ৰাজ্যপালে প্ৰটেম অধ্যক্ষ হিচাপে নিযুক্তি দিয়া য়ানথানক বিধানসভাৰ দ্বাৰা এজন অধ্যক্ষ নিৰ্বাচন নকৰালৈকে তেওঁ বিধানসভাৰ অধ্যক্ষৰ কৰ্তব্য পালন কৰিব।

Also Read: ভাৰত ভ্ৰমণৰ বাবে আহিব জাপানৰ প্ৰধানমন্ত্ৰী...