নগা ঐতিহাসিক-ৰাজনৈতিক অধিকাৰৰ স্বাৰ্থত এন এছ চি এন (আই-এম) নাগা পলিটিকেল গ্ৰুপৰ মাজত সহযোগিতা চুক্তি

নগা ঐতিহাসিক-ৰাজনৈতিক অধিকাৰৰ স্বাৰ্থত এন এছ চি এন (আই-এম) নাগা পলিটিকেল গ্ৰুপৰ মাজত  সহযোগিতা চুক্তি

ডিজিটেল সংবাদ, বেকাজান : নগা ঐতিহাসিক আৰু ৰাজনৈতিক অধিকাৰৰ স্বাৰ্থত এন এছ চি এন (আই-এম) আৰু এন এন পি জিৰ কাৰ্যকৰী সমিতি (ডব্লিউ চি)য়ে শনিবাৰে নিজ নিজ চুক্তি (ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট আৰু এগ্ৰিড পজিচন)ৰ ভিত্তিত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ সহযোগিতা কৰাৰ নিঃচৰ্ত প্ৰতিশ্ৰুতি চুক্তি স্বাক্ষৰ কৰে ।

এন এছ চি এন (আই-এম)ৰ অধ্যক্ষ কিউ টুকু আৰু ডব্লিউ চি তথা নগা নেচনেল পলিটিকেল গ্ৰুপৰ আহ্বায়ক এন কিটোভি জিমোমিয়ে ফ’ৰাম ফৰ নাগা ৰিকনচিলিয়েশ্যনৰ উপস্থিতিত স্বাক্ষৰিত নাগাছ আৰ মভিঙ এহেড অৰ্থাৎ “নগাসকল আগবাঢ়িছে” শীৰ্ষক এক যৌথ ঘোষণা পত্ৰত দুয়োজন নেতাই উল্লেখ কৰে যে, সংকটৰ সময়ত নগা সংগ্ৰামত নগাসকল সদায় জীয়াই আছে। আজি আমাক নগাসকলৰ ভৱিষ্যতৰ বাবে একত্ৰিত কৰে।

তেওঁলোকে কয় যে ২০২২ চনৰ ১৪ ছেপ্টেম্বৰৰ ছেপ্টেম্বৰৰ যৌথ চুক্তিৰ পিছৰে পৰা এন এন পি জি আৰু এন এছ চি এন (আই-এম) দুয়োটা সংগঠনে নগা সম্পৰ্ক আৰু সহযোগিতা পৰিষদ গঠন কৰিবলৈ সন্মত হৈছে। এই পৰিষদে নগাসকলৰ বাবে, আগতীয়াকৈ, বাস্তৱসন্মত উপায়সমূহ অন্বেষণ কৰিব আৰু নগা ঐতিহাসিক আৰু ৰাজনৈতিক অধিকাৰৰ ভিত্তিত আগবাঢ়ি যাব। ঘোষণাপত্ৰত তেওঁলোকে কয় যে এন এন পি জি আৰু এন এছ চি এন (আই-এম)য়ে ২০২৩ চনৰ ১৪ জানুৱাৰীত ভাৰত চৰকাৰৰ সৈতে নগা ঐতিহাসিক আৰু ৰাজনৈতিক অধিকাৰৰ সমাধানৰ বাবে সহযোগিতা আৰু কাম কৰাৰ নিঃচৰ্ত প্ৰতিশ্ৰুতি ঘোষণা কৰে। সেয়েহে কিউ টুকু আৰু এন কিটভি জিমোমিয়ে বিভাজন ৰোধ কৰিবলৈ নাগাসকলক তেওঁলোকৰ সৈতে থিয় দিবলৈ আহ্বান জনাইছিল ।

উল্লেখযোগ্য নাগালেণ্ডৰ দুই বিদ্ৰোহী সমূহৰ মাজত স্বাক্ষৰিত এই চুক্তি যথেষ্ট গুৰুত্বপূৰ্ণ কিয়নো ভাৰত চৰকাৰে চূড়ান্ত নগা চুক্তি স্বাক্ষৰ বাবে সকলো বিদ্ৰোহী গোটক একত্ৰিত হবলৈ আহবান জনাইছিল। যাতে সাত দশকজোৰা নগা ৰাজনৈতিক সমস্যাৰ এখন মাত্ৰ নগা চুক্তিৰ জৰিয়তে সমাধান হয় ।

স্মৰ্তব্য যে পূৰ্বতে এন এছ চি এন আই এমে ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টৰ জৰিয়তে অসম অৰুণাচল মণিপুৰ আৰু ম্যানমাৰৰ ছাগাইঙি প্ৰদেশক সামৰি গ্ৰেটাৰ নাগালিম দাবী কৰাৰ সাত বিদ্ৰোহী বিদ্ৰোহী গোটৰ উমৈহতীয়া মঞ্চ নাগা নেচনেল পলিটিকেল গ্ৰুপ অৰ্থাৎ এন এন জি পিয়ে কেৱল নাগালেণ্ডৰ নগাসকল সামৰি নগা সমস্যাৰ সমাধান বিচাৰিছে। এয়া নগাসকলৰ আন্তৰিক ৰাজনৈতিক বক্তব্য ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in