/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/naga-15.jpg)
ডিজিটেল সংবাদ বেকাজানঃ 'আমি যুদ্ধ নিবিচাৰো, কিন্তু যুদ্ধ আমাৰ ওপৰত জাপি দিয়া হৈছে । যুদ্ধত আমাৰ বহু নগাৰ মৃত্যু হৈছে । যুদ্ধই আমাৰ গাঁও, বনাঞ্চল আৰু শিক্ষা ধবংস কৰি পেলাইছে । এই যুদ্ধ আমি বন্ধ কৰিব লাগিব ; নহলে ই আমাক গ্ৰাস কৰি পেলাব । সেয়ে আমি শান্তি বিচাৰো কিন্তু স্বাধীনতাৰ অবিহনে শান্তি কেতিয়াও নাহে। ' এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে এন এছ চি এন ( আই এম) মুৰব্বী থুইংগালেঙ মুইভায়ে ।
দেওবাৰে ডিমাপুৰৰ কেম্প হেব্ৰনৰ মুখ্য কাৰ্যালয়ত ৭৬ সংখ্যক নগা স্বাধীনতা দিৱসৰ উপলক্ষে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নগা ৰাইজক উদেশ্য দিয়া ভাষণত থুইংগালেঙ মুইভাই আৰু কয় যে- নগাসকল নগা সংস্কৃতিত বিশ্বাস কৰে সেয়ে নগাসকল ভাৰতীয়ও নহয় বাৰ্মিজো নহয়। নগাসকল অনাদি কালৰে পৰা থকা এক সাৰ্বভৌম জনগোষ্ঠী। নগাসকলৰ ইতিহাসক অনন্য আৰু অতুলনীয় ইতিহাস আছে । সাৰ্বভৌমত্বই হৈছে নগাসকলৰ জন্মগত অধিকাৰ । সেই অধিকাৰৰ মূল্য ৰক্ষা কৰা উচিত। নহলে আমাৰ ভৱিষ্যতৰ সিদ্ধান্ত বহিৰাগতই ল'ব । যদি আমি আমাৰ মাটি ভেটি ৰক্ষা কৰিব নোৱাৰো তেনেহলে আমি নিজৰ মাটিতে এদিন বিদেশী হৈ পৰিম। আমি আমাৰ স্বাধীনতা ৰক্ষা কৰিব নোৱাৰিলে হেৰাই যোৱা জনগোষ্ঠীত পৰিণত হম।
সম্প্ৰতি ভাৰত চৰকাৰৰ সৈতে চলি থকা যুদ্ধ বিৰতিৰ চুক্তিৰ সন্দৰ্ভত মুইভাই কয় যে- যুদ্ধবিৰতি হৈছে এটা ৰাজনৈতিক পৰিভাষা। ই শান্তিৰ আগজাননী। বৰ্তমান নগাসকলৰ ভাৰত চৰকাৰৰ সৈতে ২৫ বছৰ ধৰি যুদ্ধবিৰতি চলি আছে। কিন্তু এই যুদ্ধ বিৰতি ৰাজনৈতিক আলোচনাত সমাধান কৰিব নোৱাৰাৰ বাবে যুদ্ধবিৰতিৰ কোনো অৰ্থ আমি দেখা পোৱা নাই। অৱশ্যে আমি চুক্তিৰ পক্ষত আছো। যদি চুক্তি স্বাক্ষৰ নহয় তেনেহলে ই বিষয়বস্তুবিহীন হৈ পৰিব ।
মুইভাই ভাৰত চৰকাৰে নগাসকলক প্ৰতাৰণা অভিযোগ তুলি কয় যে, ভাৰত চৰকাৰৰ বিগত প্ৰতিখন চুক্তিয়েই নগা জাতি আৰু নীতিক প্ৰতাৰণা কৰি আহিছে। এই চুক্তিত কোনো সমাধান নাছিল। নগাসকলে সদায় বিষয়ভিত্তিক সমাধান বিচাৰিছে । কিন্তু নগাসকলৰ ওপৰত ভাৰতীয় ইচ্ছা জাপি দিয়া হৈছে । যিটো এন এছ চি এনে বিৰোধিতা কৰে ।
মুইভাই কয়- ভাৰত চৰকাৰে আমাৰ ওপৰত ইচ্ছা জাপি দিলে আমি কি কৰিম? আমি জীয়াই থকাৰ কৌশল এটা উলিয়াব লাগিব। আমি পন্থাত থাকিব লাগিব। সেয়ে আমাৰ ভৱিষ্যতৰ বাবে আমাৰ সাৰ্বভৌম অধিকাৰৰ ওপৰত দৃঢ়তাৰে থিয় দিয়াৰ সিদ্ধান্তত লৈছো কিন্তু আক্ৰমণকাৰীৰ বশৱৰ্তী হোৱাত নহয়।
বৰ্তমান ভাৰত চৰকাৰৰ সৈতে চলি থকা শান্তি আলোচনাৰ মুইভা কয় যে, নগা ৰাজনৈতিক সমস্যাৰ শান্তিপূৰ্ণ সমাধানৰ বাবে নগাসকলে ২৫ বছৰ ধৰি কষ্টকৰ যুদ্ধবিৰতি সহ্য কৰিছে। ২০১৫ চনৰ ৩ আগষ্টত ঐতিহাসিক ফ্ৰেমৱৰ্ক চুক্তি স্বাক্ষৰিত হোৱাৰ পিছতো আমি ২৫ বছৰ ধৈৰ্য্যৰে অপেক্ষা কৰি আহিছো। কিন্তু অন্তিম সমাধান বলটো এতিয়া ভাৰত চৰকাৰৰ ক'ৰ্টত।
উল্লেখযোগ্য যে, আজি পুৱা ৯ বজাত কেম্প হেব্ৰনত যোছেফ পাট্টনৰ সঞ্চালনা নগা স্বাধীনতা দিৱসৰ বৰ্ণিল কাৰ্যসূচী আৰম্ভ হয় । এন এছ চি এনৰ সাধাৰণ সম্পাদক তথা জিপিআৰএন নাগালিম চৰকাৰৰ প্ৰধানমন্ত্ৰী থুইংগালেঙ মুইভাই জাতীয় পতাকা উত্তোলন কৰে । ইয়াৰ পিছত অৰুণাচল প্ৰদেশৰ টিৰাপ , চাংলাং আৰু লংডিঙ জিলাৰ শিল্পীসকলে লোকনৃত্যৰ প্ৰদৰ্শন কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us