নগা পতাকা নগাসকলৰ ৰাজনৈতিক পৰিচয়ৰ প্ৰতীকঃ সাংস্কৃতিক পতাকা হিচাপে গ্ৰহণ নকৰে এন এছ চি এন আই এমে

নগা পতাকা নগাসকলৰ ৰাজনৈতিক পৰিচয়ৰ প্ৰতীকঃ সাংস্কৃতিক পতাকা হিচাপে গ্ৰহণ নকৰে এন এছ চি এন আই এমে

author-image
asomiyapratidin
New Update
নগা পতাকা নগাসকলৰ ৰাজনৈতিক পৰিচয়ৰ প্ৰতীকঃ সাংস্কৃতিক পতাকা হিচাপে গ্ৰহণ নকৰে এন এছ চি এন আই এমে

ডিজিটেল সংবাদ ৱাখাঃ ভাৰত চৰকাৰে নগা সমস্যাৰ সমাধানৰ ক্ষেত্ৰত এন এছ চি এনে (আই এম) দাবী কৰা নাগালিমৰ সুকীয়া পতাকা আৰু সংবিধান সাংস্কৃতিক প্ৰতীকাত্ম ৰূপত প্ৰদান কৰিলে গ্ৰহণযোগ্য নহ'ব বুলি পুনৰ স্পষ্ট কৰিছে বিদ্ৰোহী সংগঠনটোৱে । ২৬ মে'ত প্ৰকাশিত সংগঠনটোৰ মাহেকীয়া মুখপত্ৰ 'নাগালিম ভয়ছৰ' সম্পাদকীয়ত কোৱা হৈছে যে নাগা জাতীয় পতাকা নগাসকলৰ ৰাজনৈতিক পৰিচয়ৰ প্ৰতীক । ই আলোচনা যোগ্য নহয় । সেয়ে নাগা পতাকাক সাংস্কৃতিক পতাকা হিচাপে ব্যৱহাৰৰ কৰাতো কোনোপধ্যেই মানি নলয় এন এছ চি এনে ।

Advertisment

উল্লেখযোগ্য যে ভাৰত চৰকাৰে নাগা পতাকাক সাংস্কৃতিক পতাকা হিচাপে হিচাপে স্বীকৃতি দিব পাৰে বুলি ইংগিত লাভ কৰাৰ পিছতে এন এছ চি এনে এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । এন এছ চি এনে কৈছে ভাৰত চৰকাৰৰ ইংগিত অনুসৰি নাগা পতাকা সাংস্কৃতিক পতাকা হিচাপে গ্ৰহণ কৰাতো অকল্পনীয় ।

প্ৰাপ্ত খবৰ অনুসৰি কেন্দ্ৰই এছিয়াৰ আটাইতকৈ দীঘলীয়া নগাৰ আত্ম নিয়ন্ত্ৰণ সংগ্ৰামখন অন্ত পেলাবলৈ ভাৰত চৰকাৰে সাংস্কৃতিক উদ্দেশ্যত নাগা পতাকা ব্যৱহাৰ আৰু নাগা সংবিধানক ভাৰতীয় সংবিধানত পাৰস্পৰিক গ্ৰহণযোগ্য অংশ হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ বিৰোধিতা নকৰা বুলি ওলোৱা খবৰৰ পিছতে এন এছ চি এনে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । এন এছ চি এনে কৈছে যে, ২০১৫ চনৰ ৩ আগষ্টত স্বাক্ষৰিত হাই প্ৰফাইল ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিতত ঐতিহাসিক আছিল কাৰণ তেওঁ দক্ষিণ পূৰ্ব এছিয়াৰ আটাইতকৈ দীঘলীয়া নগা সংগ্ৰামখনৰ সমাধান কৰা বুলি ঘোষণা কৰিছিল ।

আজি সেই একেই প্ৰধানমন্ত্ৰীয়ে নগাসকলৰ ফ্ৰেমৱৰ্ক চুক্তিক কিদৰে পৰিচালনা কৰিবলৈ গৈছে । ২৫ বছৰীয়া ইণ্ডো-নাগা ৰাজনৈতিক আলোচনাত ওলোৱা ভাল ফলাফলৰ সংকটৰ সন্মুখীন হৈছে । ভাৰত চৰকাৰে চুক্তিৰ পিছত চুক্তি কৰা বিষয়টোৱে এন এছ চি এনক উদিগ্ন কৰি তুলিছে ।

ইফালে নগা সমস্যাৰ সমাধানৰ ভাৰত চৰকাৰ আৰু এন এছ চি এনৰ মাজৰ শেহতীয়া গুৰুত্বপূৰ্ণ বৈঠকৰ অগ্ৰগতিৰ পাছত বিষয়টো আলোচনা কৰিবলৈ কাইলৈ ডিমাপুৰত মুখ্যমন্ত্ৰী নেইফিউ ৰিঅৰ অধ্যক্ষতাত উপমুখ্যমন্ত্ৰী ৱাই পেট্টন আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙৰ উপস্থিতিত ৰাজ্য চৰকাৰৰ ক'ৰ কমিটিৰ বৈঠকৰ আহ্বান কৰা হৈছে ।

ক্লিক কৰি পঢ়কঃচানমাৰি অভিযান্ত্রিক প্রতিষ্ঠানৰ সমীপত যুৱকৰ মৃতদেহ উদ্ধাৰ…