চুবুৰীয়া ৰাজ্য মিজোৰামত কুইন্টলে কুইন্টলে জব্দ নিচাজাতীয় সামগ্ৰী

মিজোৰামৰ ম্যানমাৰ সীমান্তৱৰ্তী চাম্পাই জিলাৰ Dungtlang এখন বলেৰ' বাহনত তালাচী চলাই আৰক্ষীয়ে জব্দ কৰিছে বুজণ পৰিমাণৰ নিচাজাতীয় মেথামফেটামাইন টেবলেট।

author-image
Tushar Pratim
New Update
চুবুৰীয়া ৰাজ্য মিজোৰামত কুইন্টলে কুইন্টলে জব্দ নিচাজাতীয় সামগ্ৰী 

ডিজিটেল সংবাদ শিলচৰঃ এইবাৰ এক কেজি দুই কেজি নহয়, চুবুৰীয়া ৰাজ্য মিজোৰামত কুইন্টলে কুইন্টলে জব্দ কৰা হৈছে নিচাজাতীয় সামগ্ৰী।‌ মিজোৰামৰ ম্যানমাৰ সীমান্তৱৰ্তী চাম্পাই জিলাৰ Dungtlang এখন বলেৰ' বাহনত তালাচী চলাই আৰক্ষীয়ে জব্দ কৰিছে বুজণ পৰিমাণৰ নিচাজাতীয় মেথামফেটামাইন টেবলেট।

Advertisment

মুঠ ৮ টা বস্তাৰ ভিতৰত লুকুৱাই অনা ১৯৯ টা পেকেটৰ পৰা জব্দ কৰা হয় এই টেবলেটখিনি।‌ পেকেট কেইটাৰ পৰা ২০ লাখ ৯ হাজাৰ ৯০০ টা মেথামফেটামাইন টেবলেট জব্দ কৰা হয়। বুজণ পৰিমাণৰ এই টেবলেটখিনিৰ ওজন ২ কুইন্টল ৩৬ কেজি  বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

স্থানীয় বজাৰত জব্দ কৰা টেবলেটখিনিৰ মূল্য আনুমানিক ৩০ কোটি ৭২ লাখ টকা বুলি সদৰী কৰিছে আৰক্ষীয়ে। নিচা জাতীয় টেবলেটখিনিৰ সৈতে নগদ ২ লাখ ৮৯ হাজাৰ ৫০০ টকাও জব্দ কৰা হয়।  

নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে বলেৰ' খনৰ চালক লালটান পুইয়া আৰু সহযোগী ভানৰোপুইয়াক গ্ৰেপ্তাৰ কৰে। এই দুজন লোকৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে নিচাজাতীয় সামগ্ৰীখিনি ক্ৰয় কৰিবলৈ অহা ত্ৰিপুৰাৰ তিনিজন ড্ৰাগছ সৰবৰাহৰকাৰীক মিজোৰামৰ কলাছিব জিলাৰ পৰা গ্ৰেপ্তাৰ কৰে।

ধৃত লোক কেইজন ত্ৰিপুৰা কদমতলাৰ নিৰুপম নাথ, উত্তৰ ত্ৰিপুৰা জিলাৰ চুৰাইবাৰীৰ লোকমান উদ্দিন আৰু সাগৰ দে বুলি সদৰী কৰিছে আৰক্ষীয়ে। 

ড্ৰাগছ সৰবৰাহ মিজোৰাম