মণিপুৰত বোমা বিস্ফোৰণ: গুৰুতৰভাৱে আহত আছাম ৰাইফলছৰ জোৱান...

মণিপুৰত বোমা বিস্ফোৰণ: গুৰুতৰভাৱে আহত আছাম ৰাইফলছৰ জোৱান...

ডিজিটেল সংবাদ, বেকাজান : মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ চাইতান গাঁৱত শুকুৰবাৰে পুৱা সংঘটিত হোৱা বোমা বিস্ফোৰণত আছাম ৰাইফলছৰ এজন জোৱান গুৰুতৰভাৱে আহত হয়। এই বোমা বিস্ফোৰণ ইম্ফলৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ দক্ষিণে অৱস্থিত বিষ্ণুপুৰ জিলাত সংঘটিত হয় ।

প্ৰতিৰক্ষা বিভাগৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰামতে, বোমাটো স্থানীয়ভাৱে নিৰ্মিত আৰু ইয়াক বিয়পাই দিবলৈ চেষ্টা কৰা জোৱানজন আহত হয়। আনহাতে বৃহস্পতিবাৰে ইম্ফলৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ দক্ষিণে বিষ্ণুপুৰ জিলাৰ তেৰা খোংফাংবিৰ ওচৰত সন্দেহযুক্ত উগ্ৰপন্থীয়ে আছাম ৰাইফলছলৈ গুলীচালনা কৰাত এজন আৰক্ষী জোৱান নিহত হোৱাৰ লগতে আন চাৰিজন আহত হয়। তেতিয়াৰ পৰাই মণিপুৰ আৰক্ষী আৰু সেনা জোৱানে উগ্ৰপন্থীসকলক অঞ্চলটোৰ পৰা পঠিয়াবলৈ কম্বিং অভিযান আৰম্ভ কৰিছে।

আনহাতে আহত আৰক্ষী জোৱানসকলৰ এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। টৰিবুঙত সন্দেহযুক্ত উগ্ৰপন্থীয়ে দুজন ব্যক্তিক অপহৰণ কৰাৰ হোৱা বুলি আৰক্ষী বিষয়াই জানিবলৈ দিয়ে। ইফালে ডিমাপুৰ পৰা ইম্ফললৈ অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াই নিয়া ট্ৰাক চলাচলত প্ৰতিবাদী লোকে পথ অৱৰোধ কৰি ট্ৰাকবোৰ ওভতাই পঠায়।

মণিপুৰত বোমা বিস্ফোৰণ: গুৰুতৰভাৱে আহত আছাম ৰাইফলছৰ জোৱান...
অসম সাহিত্য সভাৰ ২০২৪ মধ্যকালীন বাৰপূজীয়া অধিৱেশনৰ প্ৰস্তুতি...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in