/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/mohan-19.jpg)
ডিজিটেল ডেস্ক: শুকুৰবাৰে ২ দিনীয়া ভ্ৰমণসূচীৰে ত্ৰিপুৰাত উপস্থিত হব ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ প্ৰধান মোহন ভাগৱত। এই ভ্ৰমণকালত ভাগৱতে উজজয়ন্ত প্ৰাসাদ পৰিদৰ্শন কৰাৰ লগতে গোমতী জিলাৰ চাৰবং আশ্ৰমত এটা মন্দিৰ উদ্বোধন কৰিব।
সময়সূচী অনুসৰি 'জেড প্লাছ' নিৰাপত্তাৰক্ষী থকা আৰ এছ এছৰ মুৰব্বীজনে শুকুৰবাৰে দিনৰ ভাগত এমবিবি বিমানব ন্দৰত আহি পাব। মাণিক্য ৰাজবংশৰ প্ৰাসাদত অলপ সময় জিৰণি লোৱাৰ পাছত তেওঁ পশ্চিম ত্ৰিপুৰা জিলাৰ খাইৰপুৰ অঞ্চলত আৰ এছ এছৰ মুখ্য কাৰ্যালয় 'দেৱধম' পৰিদৰ্শন কৰিব।
উল্লেখ্য যে, ভাগৱতৰ ভ্ৰমণৰ ওপৰত লক্ষ্য ৰাখি ত্ৰিপুৰাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি ৰখা হৈছে। ২৭ আগষ্টত তেওঁ একাংশ লোকক সাক্ষাতো কৰিব।
আৰু পঢ়ক: কৃষকৰ মাজত হাহাকাৰ, মাজুলীৰ শালি ধানৰ পথাৰত চিঁৰাল ফাট…