ডিজিটেল সংবাদ, শিলচৰঃ ম্যানমাৰৰ এজন নাগৰিকসহ চুবুৰীয়া ৰাজ্য মিজোৰামত বুজন পৰিমাণৰ হেৰ'ইন জব্দ কৰিছে আৰক্ষীয়ে। চাম্পাই আৰক্ষীয়ে খানকাউন আৰক্ষী চেক গেটত তালাচী চলাই জব্দ কৰে হেৰ'ইন খিনি। উল্লখ্য যে, এম জেদ-০১-চি-৮৫৯১ নম্বৰৰ এখন বলেনো বাহনত তালাচী চলাই জব্দ কৰে হেৰ'ইন ভৰ্তি ৩১টা চাবোনৰ বাকচ।
বাকচ কেইটাৰ পৰা মুঠ ৪১০ গ্ৰাম হেৰ’ইন জব্দ কৰা হয়। হেৰ'ইনখিনি বাহনখনৰ স্পেয়াৰ টায়াৰৰ টিউবৰ ভিতৰত লুকুৱাই ৰখা হৈছিল। নিষিদ্ধ হেৰ'ইন সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে বাহনখনৰ চালক ম্যানমাৰৰ খৱমইৰ বাসিন্দা লালথাং ভুংগাক গ্ৰেপ্তাৰ কৰিছে। ধৃত লোকজনৰ বিৰুদ্ধে আৰক্ষীয়ে এনডিপিএছ আইন আৰু বিদেশী আইনৰ অধীনত গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছে। ইপিনে মঙলবাৰৰ নিশাই মাৰণাস্ত্ৰ সৰবৰাহ কৰাৰ অপৰাধত ম্যানমাৰৰ আন দুজন ব্যক্তিকো গ্ৰেপ্তাৰ কৰিছে অসম ৰাইফলছ তথা মিজোৰাম আৰক্ষীয়ে।