মিজোৰামত ৭.৫ কোটি টকা মূল্যৰ‌ বিদেশী‌ চিগাৰেট জব্দ...

মিজোৰামত  বুজন পৰিমাণৰ ‌বিদেশী‌ চিগাৰেটসহ এজন ম্যানমাৰৰ নাগৰিক  গ্ৰেপ্তাৰ কৰিছে বিএছ এফ আৰু  ডাইৰেক্টৰেট অফ ৰেভিনু ইন্টালিজেঞ্চ সংক্ষেপে DRIএ।  মিজোৰামৰ লুংলে জিলাৰ চান্দমাৰীৰ

author-image
Asomiya Pratidin
New Update
de9efffa-3913-4759-864e-4afa2d8f3f4e

ডিজিটেল সংবাদ শিলচৰ: মিজোৰামত  বুজন পৰিমাণৰ ‌বিদেশী‌ চিগাৰেটসহ এজন ম্যানমাৰৰ নাগৰিক  গ্ৰেপ্তাৰ কৰিছে বিএছ এফ আৰু  ডাইৰেক্টৰেট অফ ৰেভিনু ইন্টালিজেঞ্চ সংক্ষেপে DRIএ। 

7a55873e-421c-4f78-94db-ae069668d7a5

মিজোৰামৰ লুংলে জিলাৰ চান্দমাৰীৰ  চোৰাং ব্যৱসায়ীৰ এটা গুডামত যুটীয়া  অভিযান চলাই বিএছএফ আৰু DRI য়ে জব্দ কৰিছে  বিভিন্ন ব্ৰেণ্ডৰ ৩৭৫ কাৰ্টুন বিদেশী চিগাৰেট।

 চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ পৰা ভাৰতলৈ সৰবৰাহৰ‌ কৰা এই চিগাৰেট খিনিৰ‌ বজাৰ মূল্য প্ৰায় ৭.৫ কোটি টকা বুলি সদৰী কৰিছে বিএছএফে। চিগাৰেটৰ সৈতে এজন ম্যানমাৰৰ নাগৰিক গ্ৰেপ্তাৰ কৰা হয়।

শিলচৰ