/asomiyapratidin/media/media_files/2025/03/15/lhyGmbooqifd2DYP0JZB.jpg)
ডিজিটেল ডেস্কঃ মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুহোমাই যোৱা ১০ মাৰ্চত মিজোৰাম বিধানসভাত দিয়া এক বক্তব্যই সমগ্ৰ দেশতে আলোড়ণৰ সৃষ্টি কৰিছে। তেওঁ দাবী কৰিছে ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধ চলি থকাৰ মাজতে পশ্চিমীয়া দেশৰ ভাড়াতীয়া সৈন্যই মিজোৰাম হৈ ম্যানমাৰত প্ৰবেশ কৰি বিদ্ৰোহী গোটসমূহক অস্ত্ৰৰ প্ৰশিক্ষণ প্ৰদান কৰিছে।
লালডুহোমাই বিধানসভাত উত্থাপন কৰা এই গুৰুতৰ অভিযোগে এতিয়া দেশৰ আভ্যন্তৰীণ নিৰাপত্তাক লৈয়ো প্ৰশ্ন উত্থাপন কৰিছে। কিয়নো কৌশলগত দিশেৰে মিজোৰাম এনে এক প্ৰান্তত অৱস্থিত যে ইয়াৰ সুৰক্ষাৰ ওপৰতে উত্তৰ পূৰ্বাঞ্চলৰ শান্তিৰ বহু বিষয় জড়িত হৈ আছে।
ম্যানমাৰৰ সৈতে সীমান্ত ভাগ কৰা মিজোৰাম উত্তৰ পূৰ্বাঞ্চলৰ বিদ্ৰোহী গোটৰ সমান্তৰালকৈ এতিয়া পশ্চিমীয়া ভাড়াতীয়া সেনাৰো অবৈধ কৰিডৰলৈ পৰিণত হোৱাত বিষয়টো অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।
যোৱা ১০ মাৰ্চতে মিজোৰাম বিধানসভাত লালডুহোমাই দাবী কৰিছিল মিজোৰামৰ মাজেৰে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ একাংশ ভাড়াতীয়া সেনাই ম্যানমাৰত প্ৰৱেশ কৰিছে। এই সন্দৰ্ভত তেওঁ যোৱা বছৰৰ জুন মাহৰ ১৯ তাৰিখে লেংপুই বিমান বন্দৰত গ্ৰেপ্তাৰ হোৱা এগৰাকী ব্ৰিটেইনৰ নাগৰিক ডেনিয়েল নেৱেৰ কথা উল্লেখ কৰে।
লেংপুই বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ হোৱা ডেনিয়েলৰ পৰা মিজোৰাম আৰক্ষীয়ে জব্দ কৰিছিল সজীৱ গুলী। তেওঁ লগতে দাবী কৰে ২০২৪ চনৰ জুন মাহৰ পৰা ডিচেম্বৰলৈকে আইজললৈ ২০০০ বিদেশী নাগৰিক আহিছে। অথচ আইজলৰ ৰাজপথত তেওঁলোকক দেখা নাই।
সেয়ে তেওঁ কয়, ইয়েই ইংগিত দিয়ে ইয়াৰে বহু সংখ্যকে ম্যানমাৰত প্ৰৱেশ কৰিছে আৰু অশান্ত হৈ থকা ম্যানমাৰৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে।
উল্লেখ্য যে, ভাৰত চৰকাৰে গ্ৰহণ কৰা কালাদান মাল্টি মডেল ট্ৰেনজিট পৰিবহণ প্ৰকল্প প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। অৱশ্যে ম্যানমাৰ, বাংলাদেশ হৈ মিজোৰামক সামৰি লোৱা এই প্ৰকল্প ম্যানমাৰৰ আভ্যন্তৰীণ অশান্ত পৰিস্থিতিৰ বাবেই কাৰ্যক্ষম হৈ উঠা নাই।
এনে এক পৰিস্থিতিত এতিয়া লালডুহোমাই উত্থাপন কৰা এই অভিযোগে বহু প্ৰশ্নৰ উদয় কৰিছে। লালডুহোমাই বিধানসভাত দাবী কৰি কয়, ‘‘আমাৰ হাতত নিৰ্দিষ্ট চোৰাংচোৱা তথ্য আছে যে ইউক্ৰেইন যুদ্ধৰ সৈনিকসকলে ম্যানমাৰৰ সামৰিক জুন্টা চৰকাৰৰ সৈতে যুঁজি থকা বিদ্ৰোহী সংগঠনসমূহক প্ৰশিক্ষণ দিবলৈ মিজোৰাম হৈ ম্যানমাৰৰ চিন ৰাজ্যলৈ যাত্ৰা কৰিছে।
লালডুহোমাই লগতে ইংগিত দিয়ে যে ৰাছিয়া-ইউক্ৰেইন যুদ্ধত যুঁজ দিয়া পশ্চিমীয়া ভাড়াতীয়া সৈন্যই ম্যানমাৰৰ গৃহযুদ্ধত অংশগ্ৰহণৰ বাবে মিজোৰামক কৰিডৰ হিচাপে ব্যৱহাৰ কৰিছে। মন কৰিবলগীয়া যে মিজোৰাম আৰু ম্যানমাৰৰ মাজত ৫১০ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্ত আছে।
ইফালে অতি শেহতীয়াকৈ আমেৰিকাৰ ভাৰতস্থিত ৰাষ্ট্ৰদূতগৰাকীয়ে আইজল ভ্ৰমণ কৰিছিল। এই বিষয়টো আঙুলিয়াই দি তেওঁ কৌশলগত গুৰুত্বৰ বিষয়ে উত্থাপন কৰে। কিন্তু প্ৰশ্ন উত্থাপন হয়, ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ভাড়াতীয়া সেনাই মিজোৰামক কৰিডৰ হিচাপে ব্যৱহাৰ কৰি কিয় ম্যানমাৰত প্ৰবেশ কৰিছে আৰু বিদ্ৰোহীক অস্ত্ৰৰ প্ৰশিক্ষণ দিছে?
এই প্ৰশ্নৰো উত্তৰ দিছে লালডুহোমাই। তেওঁৰ মতে ইয়াৰ কাৰণ চীন আৰু আমেৰিকা উভয়ৰে সৈতে ম্যানমাৰৰ আভ্যন্তৰীণ বিষয়ৰ সৈতে জড়িত হ’ব পাৰে। তেওঁ কয়, ‘ম্যানমাৰৰ পৰিৱৰ্তনশীল ভূ-ৰাজনৈতিক পৰিৱেশ আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহত ইয়াৰ প্ৰভাৱে সংৰক্ষিত এলেকাৰ অনুমতি (পি এ পি) পুনৰ আৰোপ কৰাৰ লগতে মুক্ত আন্দোলন শাসন ব্যৱস্থা (এফ এম আৰ) স্থগিত ৰখাৰ প্ৰেৰণা যোগাইছিল।”
পিএপি হৈছে নিৰাপত্তাৰ চিন্তাৰ বাবে দেশৰ কিছুমান বিশেষ অঞ্চল, মূলতঃ উত্তৰ-পূব অঞ্চল ভ্ৰমণ কৰিবলৈ অভাৰতীয়সকলে লাভ কৰিবলগীয়া নথি। ভাৰতৰ এক্ট ইষ্ট নীতিৰ অংশ হিচাপে ২০১৮ চনত স্থাপিত এফ এম আৰৰ জৰিয়তে ভাৰত-ম্যানমাৰ সীমান্তৰ বাসিন্দাসকলে ভিছা অবিহনে ইজনে সিজনৰ ভূখণ্ডত ১৬ কিলোমিটাৰ (সীমাৰেখাৰ পৰা) দূৰত্বলৈকে যাত্ৰা কৰিব পাৰিব।
এফ এম আৰৰ কথা উল্লেখ কৰি তেওঁ ম্যানমাৰৰ চিন জনসাধাৰণৰ প্ৰতি মানৱীয় বাধ্যবাধকতাক আইন-শৃংখলা বজাই ৰখাৰ সৈতে ভাৰসাম্য ৰক্ষা কৰাৰ প্ৰত্যাহ্বানৰ ওপৰত গুৰুত্ব আৰোপ কৰে। মিজোৰামৰ মিজো আৰু সংলগ্ন মণিপুৰৰ কুকি-জোসকলৰ সৈতে চিনসকলৰ জাতিগত সম্পৰ্ক আছে।
ইফালে দক্ষিণপূৱ এচিয়াৰ লগত উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ ব্যৱস্থা উন্নত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ এক্ট ইষ্ট পলিচিৰ অধীনত মিজোৰামক বংগোপসাগৰৰ সৈতে সংযোগ কৰাৰ লক্ষ্যৰে কালাদান মাল্টি ম’ডাল ট্ৰেনজিট পৰিবহণ প্ৰকল্প (কে এম টি টি পি) নিৰ্ধাৰিত সময়ত আগবাঢ়িছে আৰু চলিত বৰ্ষৰ জুলাইৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।
১০৯ কিলোমিটাৰ পথ অংশৰ ইতিমধ্যে ৭০ কিলোমিটাৰ পথ সম্পূৰ্ণ হৈছে। সম্পূৰ্ণ হোৱাৰ লগে লগে এই প্ৰকল্পই আঞ্চলিক সংযোগ বৃদ্ধি কৰাৰ লগতে ম্যানমাৰৰ চিট্ৱে বন্দৰৰ মাজেৰে উত্তৰ-পূব ভাৰতৰ বাবে বিকল্প বাণিজ্যিক পথ প্ৰদান কৰিব বুলি আশা কৰা হৈছে। এইক্ষেত্ৰত বিভাগীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণাৱালৰ উল্লেখযোগ্য ভূমিকা আছে।
ইয়াৰ জৰিয়তে য়াংগুন হৈ থাইলেণ্ডলৈ উত্তৰ-পূৰ্বাঞ্চলৰ লগত সংযোগ কৰিব। এই কালাদান মাল্টি মডেল ট্ৰেনজিট পৰিবহণ প্ৰকল্পই উত্তৰ-পূৰ্বক যোগাযোগৰ ক্ষেত্ৰত আশাৰ ৰেঙণি কঢ়িয়াই আনিব বুলি আশা কৰা হৈছে। এনে সময়তে লালডুহোমাই উত্থাপন কৰা এই অভিযোগে ভাৰতৰ আভ্যন্তৰীণ শান্তি, শৃংখলাৰ প্ৰতি প্ৰশ্নৰ উদয় কৰিছে। এই অভিযোগ সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ স্থিতি কি হ’ব অথবা ভাৰত চৰকাৰে সুৰক্ষামূলক ভাৱে কি প্ৰচেষ্টা হাতত ল’ব সেয়া হ’ব লক্ষ্যণীয়।